বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১০ মাৰ্চ: ৰাজ্যৰ কেইবা হাজাৰ শিক্ষাৰ্থীৰ ভৱিষ্যতক অন্ধকাৰলৈ থেলি দি গোৱালপাৰা জিলাৰ এখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানে চলিত উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ গণিত, পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল কৰাৰ পিছতো শিক্ষা বিভাগে ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ বিৰুদ্ধে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰিছে ৰাজ্যবাসী। ছাত্র সমাজৰ ভৱিষ্যতৰ লগত জড়িত এনে এক গুৰুত্বপূৰ্ণ বিষয় এটাকলৈ শিক্ষা বিভাগে গ্ৰহণ কৰা এনে স্থিতিৰ প্ৰতিবাদত শনিবাৰে বঙাইগাঁও জিলাৰ চলন্তাপাৰাত ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে তীব্র প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে চলন্তাপাৰাৰ ৩১নং(খ) ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত হৈ শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ জনায়। ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ নেতা ছাদ্দাম হুছেইনৰ নেতৃত্বত প্ৰতিবাদকাৰী সকলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ আৰক্ষী বিভাগ আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ বিৰুদ্ধে বিভিন্ন ধ্বনি দি পৰিস্থিতি উত্তাল কৰি তোলে। ছাত্ৰ মুক্তিৰ এই প্ৰতিবাদ অব্যাহত থকাৰ মাজতেই যোগীঘোপা আৰক্ষীয়ে প্ৰতিবাদস্থলীত উপস্থিত হৈ সংগঠনটোৰ ছাদ্দাম হুছেইন, মিজানুৰ ৰহমান আৰু আন এগৰাকী নেতাক আটক কৰি থানালৈ লৈ যায়। আনপিনে, উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিতৰ প্ৰশ্ন কাকত ফাদিল হোৱাৰ পিছত বঙাইগাঁও জিলাতো তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বঙাইগাঁও জিলা আছু , অসম জাতীয়তাবাদী যুৱ পৰিষদকে ধৰি কেইবাটাও সংগঠনে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ দ্বাৰা পৰিচালিত এই গুৰুত্বপূৰ্ণ পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলৰ সৈতে জৰিত বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।জিলাখনৰ ছাত্ৰ সমাজে এনে ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে চৰকাৰক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে৷