আব্দুল বাশিদ সৰকাৰ

হাটশিঙিমাৰী

২৮ অক্টোবৰ

দক্ষিণ শালমাৰা অসম-মেঘালয় সীমান্তৰ ভাইটবাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কমিটি গঠনকলৈ উত্তপ্ত পৰিস্থিতি। পুৰণি কমিটীৰ সময় উকলি যোৱাত বিদ্যালয়খনৰ অধ্যক্ষই কোনো সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ বিদ্যালয়খনৰ নতুনকৈ পৰিচালনা সমিতি গঠন কৰাৰ শুরুত্বৰ অভিযোগ।

কভিড প্ৰট’কলৰ মাজতে চৰকাৰে বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ দিছে যদিও ইয়াৰ মাজতে একাংশ বিদ্যালয়ত সংঘটিত হৈ আছে বিয়াগম দুৰ্নীতি। এনে এক ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰাৰ অসম-মেঘালয় সীমান্তৰ পশ্চিম গাৰো পাহাৰ জিলাৰ মেঘালয়ৰ ভাইটবাৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত। বিদ্যালয়খনৰ পুৰণি কমিটীৰ সময় উকলি যোৱাত বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে কোনো সাধাৰণ সভা অনুষ্ঠিত নকৰাকৈ বিদ্যালয়খনৰ নতুনকৈ পৰিচালনা সমিতি গঠন কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈছে। বিদ্যালয়খনৰ অধ্যক্ষ গৰাকীয়ে নিজ ইচ্ছা মতে বিদ্যালয়খনৰ কাম কাজ চলাই।যোৱাত ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল ক্ষোভিত হৈ পৰিছে। বুধবাৰে দুপৰীয়াৰ ভাগত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকল বিদ্যালয়খনত উপস্থিত হৈ অধ্যক্ষ গৰাকীৰ কাম কাজৰ বিৰোধিতা কৰি সংবাদ মাধ্যমৰ যোগেদি শিক্ষা বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ লগতে মেঘালয়ৰ চৰকাৰক সমগ্ৰ ঘটনাদ তদন্ত কৰি আৰু সাধাৰণ সভা অনুষ্ঠিত কৰি সঠিকভাৱে বিদ্যালয়খনৰ পৰিচালনা কমিটি গঠন কৰাৰ দাবী জনায়।

ছাত্ৰ-ছাত্ৰী সকলৰ অভিভাৱক সকলে দাবী কৰা মতে দুৰ্নীতিৰে ভৰা উক্ত বিদ্যালয়খনৰ তদন্ত সন্দৰ্ভত বিভাগীয় উৰ্দ্ধতম কৰ্তৃপক্ষ আৰু মেঘালয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে এয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ’ব। চৰকাৰে যদি এই সন্দৰ্ভত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে অভিভাৱক সকলৰ প্ৰতিবাদৰ পথ অৱলম্বন কৰিবলৈ বাধ্য হ’ব বুলিও হুংকাৰ প্ৰদান কৰে।