উত্তৰাখণ্ড, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত বায়ুসেনাৰ এম১৭ হেলিকপ্টাৰ মঙলবাৰে পুৱা প্ৰায় ৮ বজাত উত্তৰাখণ্ডৰ কেদাৰনাথত দুর্ঘটনাগ্ৰস্ত হয়। দুৰ্ঘটনাটোৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও হেলিকপ্টাৰখনৰ যথেষ্ট ক্ষতিসাধন হয়। দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ুসেনাৰ হেলিকপ্টাৰখন কেদাৰনাথ মন্দিৰৰ নিৰ্মাণকাৰ্যৰ লগত জড়িত সামগ্ৰীলৈ গুপ্তকাশীৰ পৰা কেদাৰনাথলৈ গৈ থাকোতে দুৰ্ঘটনাগ্ৰস্ত হয়। জানিব পৰা মতে হেলিকপ্টাৰখনত ১৬ জনকৈ লোক আছিল আৰু দুর্ঘটনাগ্ৰস্ত হোৱা হেলিকপ্টাৰখনৰ দুৰ্ঘটনাৰ প্ৰকৃত কাৰণৰ অনুসন্ধানৰ বাবে বায়ুসেনাই আদেশ দিছে।