অভায়াপুৰী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বঙাইগাঁও জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অধীনস্থ তথা ঘেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত ৩নং ভাণ্ডাৰা গাৱত এহাল বলধ গৰুৰ বাবে তিনি পাষণ্ড পুত্ৰই হত্যাৰ চেষ্টা কৰে নিজ পিতৃক। ভাণ্ডাৰা গাৱৰ হানিফ আলীৰ তিনি কুলাংগাৰ পুত্ৰ ক্ৰমে সাহ আলম, সহিদুল ইছলাম আৰু মকছেদ আলীয়ে পিতৃ হানিফ আলীৰ এযোৰ বলধ গৰু ভাণ্ডাৰা বজাৰত বিক্ৰী কৰিবলৈ আনে। কিন্তু পিতৃ হানিফ আলিয়ে গৰু বিক্ৰী কৰিবলৈ বাধা দি গৰুহাল ঘৰত লৈ অহাৰ পিছত তিনি কুলাংগাৰ পুত্ৰই পিতৃক মাৰপিট কৰে আৰু দা, লাঠি,চোকা অস্ৰৰে হত্যাৰ চেষ্টা কৰে। বৃদ্ধ পিতৃয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়া আহি কোনোমতে হানিফ আলীৰ প্ৰাণ ৰক্ষা কৰে তিনি কুলাংগাৰ পুত্ৰৰ হাতৰ পৰা। পিছত গিৰুকাবাৰী আৰক্ষী চকীত তিনি কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া গোচৰ তৰাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তিলক কলিতাই অভিযান চলায় যদিও বৰ্তমানে কাকো গ্ৰেপ্তাৰ কৰিব পৰা নাই। কুলাংগাৰ তিনি পুত্ৰ পলাতক অৱস্থাত আছে। তিনি কুলাংগাৰ পুত্ৰৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনাইছে ভাণ্ডাৰা গাঁৱৰ অঞ্চলবাসীয়ে।