নিউজ ডেস্ক , সংবাদ ৩৬৫, ৩১ মাৰ্চ : উত্তৰ-পূবক লৈ মাওবাদীৰ ভয়ানক ব্লু প্ৰিণ্ট ফাদিল। চি পি আই(মাৱিষ্ট)ৰ উগ্ৰপন্থীৰ সমৰ্থকক একত্ৰৰ পৰিকল্পনা। অসম, নাগালেণ্ড আৰু মণিপুৰৰ লোকক একত্ৰিতৰ পৰিকল্পনা কৰিছিল।

পৃথক বড়ো ৰাজ্যক প্ৰত্যক্ষ সমৰ্থনৰ প্ৰস্তাৱ লোৱাৰ লগতে গোর্খা ৰাজ্য গঠনৰ সশস্ত্ৰ সংগ্ৰামকো সমৰ্থনৰ লৈছিল প্ৰস্তাৱ। মাওবাদীৰ কেম্পত উদ্ধাৰ কৰা নথিত ফাদিল হৈছে এইসমূহ চাঞ্চল্যকৰ তথ্য। ছট্টিশগড়ৰ দান্তেৱাড়াত উদ্ধাৰ হৈছে মাওবাদীৰ গোপন নথি।

চি পি আই(মাৱিষ্ট)ৰ কেন্দ্ৰীয় কমিটীৰ ১৮ পৃষ্ঠাৰ চি চি সন্দেহ নথি আৰু সংগঠনটোৰ চি এম চিৰ ৩২ পৃষ্ঠাৰ চেলফ এছেজমেণ্ট নথিও উদ্ধাৰ হৈছে । গোপন নথি সম্প্ৰতি নিৰাপত্তা বাহিনীৰ হাতলৈ আহিছে। ছট্টিশগড়ৰ ডিজিপি ডি এম অৱস্থিয়ে সত্যতা নিৰূপণ কৰিছে।

১৮ পৃষ্ঠাৰ নথিসমূহ জাৰি কৰা হৈছিল ২০১৮ চনৰ ১৭ আগষ্টত। ২০১৮ৰ জুলাই-আগষ্টত নিজৰ সদস্যৰ উদ্দেশ্য জাৰি কৰিছিল এই নথি সমূহ। নাম্বালা কেশৱ ৰাও ওৰফে বাসৰাজে দায়িত্ব লোৱাৰ পিছতে কৰা হৈছিল জাৰি।

উল্লেখ্য যে কেশৱ ৰাও চি পি আই(মাৱিষ্ট)ৰ সাধাৰণ সম্পাদকৰ দায়িত্বত আছে । সন্ত্ৰাসবাদ বৃদ্ধি-সম্প্ৰসাৰণ কৰাৰ পোষকতা কৰিছিল এই নথিত । নথিত নতুন সদস্যৰ যোগদান আৰু অস্ত্ৰ সংগ্ৰহৰ বিশদ বৰ্ণনা কৰা হৈছে। ইফালে অত্যাধুনিক যুদ্ধশৈলীৰ প্ৰয়োজনীয়তাও উল্লেখ পত্ৰখনত।