গুৱাহাটী, ১৩ অক্টোবৰঃ  উত্তৰ-পূব সাহিত্য আৰু সাংস্কৃতিক সন্মিলনৰ সৌজন্যত গুৱাহাটীৰ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাঙ্গনত এখনি কবি সন্মিলন অনুষ্ঠিত হয়৷ কবি সন্মিলনত কবিতা পাঠৰ লগতে সন্মিলনৰ বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়৷ সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰাম কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত সভাত মুখ্য অতিথি হিচাপে বিশিষ্ট শিশু সাহিত্যিক তথা প্ৰাগজ্যোতিষ কাকতৰ সভাপতি শশী প্ৰভা দাস উপস্থিত থাকে৷ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক প্ৰধান প্ৰমোদ চন্দ্ৰ দাসে৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা শিশু সাহিত্যিক শশী প্ৰভা দাস আৰু ঘনশ্যাম শইকীয়াই সন্মিলনৰ আৰ্থিক দিশ আৰু সদস্য ভৰ্ত্তিৰ ওপৰত গুৰুত্ব দিবলৈ আহ্বান জনায়৷ তেওঁ বিভিন্ন স্থানৰ পৰা কূবি তথা সন্মিলনৰ সদস্য সকল আহি সহযোগিতা আগবঢ়োৱাত সন্তোষ প্ৰকাশ কৰে৷ ইয়াৰ উপৰি সন্মিলনৰ ন্যায়িক উপদেষ্টা সত্যধৰ মটক, উপ সভাপতি জয়ন্ত বৰপূজাৰী, অতুল কুমাৰ সৰ্মা, হৰেণ দাস, সদস্য মহেশ ডেকাই সন্মিলনৰ বিভিন্ন দিশৰ ওপৰত দিহা পৰামৰ্শ আগবঢ়ায়৷ কবি সন্মিলনত ইনু শৰ্মা, ড০ ৰাণু দুৱৰা, কল্যানী চেতিয়া গগৈ, নদান্তি কুমাৰ ভূঞা, বৰ্ণালী দাস, জয়ন্ত বৰপূজাৰী, বৰ্ণালী বৰা বৈশ্য, জ্যোতিষ কুমাৰ দেৱ, তিলোত্তমা হাজৰিকা তামুলী, অনুপমা বড়ো, প্ৰতিভা শৰ্মা, ৰমলা শৰ্মা, হেমচন্দ্ৰ বৰ্মণকে ধৰি কেবাজনো কবিয়ে স্বৰচিত কবিতা সমূহ পাঠ কৰে৷ কবিতা সমূহৰ পৰ্য্যালোচনা আগবঢ়ায় উৎপলা বৰুৱাই৷ কবি সন্মিলনত সভাপতিৰ ভাষণত ৰাম কুমাৰ বৰুৱাই কেনেদৰে সাংস্কৃতিক ক্ষেত্ৰৰ কেবাগৰাকী শিল্পীক বাছনি কৰি সন্মিলনক কাম কাজ আগুৱাই নিবলৈ সাজু কৰি তোলা হৈছে আৰু বিগত দুমাহত অসমৰ বিভিন্ন জিলাত মুকলি কৰা সন্মিলনৰ শাখাৰ খতিয়ান দাঙি ধৰে৷ শলাগৰ শৰাই আগবঢ়াই প্ৰমোদ চন্দ্ৰ দাসে৷