অনলাইন ডেস্ক, সংবাদ ৩৬৫, ১৪ মাৰ্চ: উত্তৰ প্ৰদেশ আৰু বিহাৰৰ ৩ টাকৈ লোকসভা সমষ্টি আৰু বিহাৰৰ ২ টা বিধানসভা সমষ্টিত যোৱা ১১ মাৰ্চত হোৱা উপ নিৰ্বাচনৰ ফলাফল বুধবাৰে ঘোষণা কৰা হয়। উত্তৰ প্ৰদেশৰ হোৱা দুয়োটাকৈ লোকসভা সমষ্টিত বিজেপি পৰাস্ত হোৱাৰ বিপৰীতে বিহাৰত হোৱা একমাত্ৰ লোকসভা সমষ্টিটো বিজেপি পৰাস্ত হৈছে। উত্তৰ প্ৰদেশৰ গোৰখপূৰ আৰু ফুলপুৰ দুয়োখন সমষ্টিতে বিজেপি পৰাস্ত হৈছে। উত্তৰ প্ৰদেশৰ বাহিৰে বিহাৰৰ আৰৰিয়া লোকসভা সমষ্টিটো বিজেপি পৰাজয়ৰ সন্মুখীন হব লগা হৈছে। আনহাতে বিহাৰৰ জাহানাবাদ আৰু ভভুৱা বিধানসভা সমষ্টিত হোৱা উপ নিৰ্বাচনত বিজেপিয়ে মাত্ৰ ভভুৱা সমষ্টিতে বিজয় হবলৈ সক্ষম হৈছে। বিহাৰৰ জাহানাবাদ বিধানসভা সমষ্টিৰ লগতে আৰৰিয়া লোকসভা সমষ্টিত লালু প্ৰসাৰ যাদৱ দল আৰজেডি বিজয় হবলৈ সক্ষম হৈছে। ২০১৯ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে উত্তৰ প্ৰদেশ আৰু বিহাৰৰ উপ নিৰ্বাচনত হোৱা বিজেপিৰ এই পৰাজয় দলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিব পাৰে।