ফজলুৰ ৰহমান

সোণতলী

৫ অক্টোবৰ

উত্তৰ প্ৰদেশ ধৰ্ষণকাণ্ডকলৈ সমগ্ৰ দেশৰ লগতে অসমতো ৰাজপথলৈ ওলাই আহিছে বিভিন্ন দল-সংগঠন। ধর্ষণকাৰীৰ ফাঁচীৰ দাবীত দেশ উত্তাল হৈ থকাৰ মাজতে সোমবাৰে উত্তৰ প্ৰদেশৰ ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ অভিযোগত দাহ কৰা হ’ল যোগী আদিত্য নাথ আৰু নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি।

উত্তৰ প্ৰদেশত এগৰাকী যুৱতীক ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাই সমগ্ৰ দেশত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰি থকাৰ মাজতে উত্তৰ প্ৰদেশৰ বিজেপি চৰকাৰৰ বিধায়কে ধৰ্ষণকাৰীক ৰক্ষণাবেক্ষণ প্ৰদানৰ বাবে সমদল উলিয়াই গণতন্ত্ৰ বিৰোধী স্থিতি লোৱা আৰু যোগী আদিত্য নাথ এই ধৰ্ষণকাণ্ডৰ লগত প্ৰত্যক্ষভাৱে জড়িত থকা বুলি অভিযোগ উত্থাপন কৰি অসম মিঞা (অসমীয়া) পৰিষদ আৰু জাওকাটা বজাৰ ক্লাৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম মিঞা (অসমীয়া) পৰিষদৰ কামৰূপ জিলা সমিতিৰ সভাপতি এম মুক্তাৰ মণ্ডলৰ নেতৃত্বত সোমবাৰে প্ৰতিবাদকাৰী সকলে নৰেন্দ্ৰ মোডী হায় হায়, যোগী‌ আদিত্য নাথ মুৰ্দাবাদ, উত্তৰ প্ৰদেশ চৰকাৰ গ বেক, বিজেপি চৰকাৰ হায় হায়, নাৰী ধৰ্ষণকাৰীক ফাঁচী দিয়ক আদি শ্ল’গানেৰে পৰিস্থিতি উত্তাল কৰি তোলে। প্ৰতিবাদকাৰী সকলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিমূৰ্তি দাহ কৰি ধৰ্ষণকাৰীৰ বিৰুদ্ধে উত্তৰ প্ৰদেশ চৰকাৰ আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাত ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে দেশ কপোৱা উত্তৰ প্ৰদেশৰ হথৰাছ ধৰ্ষণকাণ্ডৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো ধৰ্ষণকাৰীৰ ফাঁচী দাবীত প্ৰতিবাদ অব্যাহত থকাৰ মাজতে দক্ষিণ কামৰূপৰ সোণতলীৰ জাওকাটা কলহীপাৰ বজাৰত এই ধৰ্ষণকাণ্ডৰ লগত জড়িত অপৰাধীৰ ফাঁচীৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম মিঞা (অসমীয়া)পৰিষদে।

অসম মিঞা (অসমীয়া)পৰিষদৰ শতাধিক সদস্যৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদস্থলীৰ পৰাই ধৰ্ষণকাৰীক অতি শীঘ্ৰে ফাঁচী দিয়াৰ দাবী জনায়। প্ৰতিবাদকাৰী সকলে ধৰ্ষণকাৰীৰ ৰক্ষণাবেক্ষণ প্ৰদান কৰাৰ অপৰাধত যোগী আদিত্য নাথৰ লগতে ধৰ্ষণকাৰীৰ সমৰ্থনত প্ৰতিবাদ কৰা বিধায়ক গৰাকীৰ ওপৰত আইনী তদন্ত কৰাৰো দাবী জনায়।