বঙাইগাঁৱৰ পৰা কিশোৰ দাস, সংবাদ ৩৬৫, ১৫ মেঃ বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমা আৰু বইটামাৰী ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত খগৰপুৰৰ ঐতিহাসিক মহাৰানী মন্দিৰৰ সন্মুখত এক জনবসতিপূৰ্ণ স্থানত কিছুদিন পূৰ্বে বঙাইগাঁৱৰ পৱন পাৰেখ নামৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ীয়ে পুৰণি টায়াৰ পুৰি তেল উৎপাদন কৰা বিল্ড ৱেল কোম্পানী নামৰ লিকুইড ডিজেল অইলৰ ফেক্ট্ৰৰী স্থাপন কৰিছিল।পুৰণি টায়াৰ পুৰি তেল উৎপাদন কৰাৰ ফলত ফেক্ট্ৰৰীটোৰ পৰা নিৰ্গত ধোৱা আৰু গেছে অঞ্চলটোৰ জনস্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ তুলি স্থানীয় ৰাইজে জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত মঙলবাৰে অতিৰিক্ত জিলা উপায়ুক্তই ফেক্ট্ৰৰীটোত অভিযান চলাই তৎকালীন ভাবে বলবৎ হোৱাকৈ ফেক্ট্ৰৰীটো বন্ধ কৰি দিয়ে। স্থানীয় ৰাইজে ফেক্ট্ৰৰীটোয়ে ব্যাপক হাৰত প্ৰদূষণ সৃষ্টি কৰা বুলি অভিযোগ কৰাৰ বিপৰীতে ফেক্ট্ৰৰীটোৰ কৰ্তৃপক্ষই প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ পৰা প্ৰমান পত্ৰ লাভ কৰা বুলি দাবী কৰিলেও প্ৰদূষণ নিয়ন্ত্ৰণ বোৰ্ডৰ কোনোধৰণৰ নথি পত্ৰ প্ৰদৰ্শন কৰিবলৈ অপাৰগ হয়।