গুৱাহাটী, সংবাদ ৩৬৫, ১ জুন : শনিবাৰে পুৱা এয়াৰ এম্বুলেন্সযোগে অসুস্থ হৈ পৰা হাইলাকান্দিৰ বিধায়ক আনোৱাৰ হোছেইন লস্কৰক উন্নত চিকিৎসাৰ বাবে দিল্লীলৈ প্ৰেৰণ কৰা হৈছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে হাইলাকান্দিৰ এ আই য়ু ডি এফৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰ গুৰুতৰভাৱে হঠাতে অসুস্থ হৈ পৰিছিল। উচ্চ ৰক্তচাপ থকাৰ বাবে বৃহস্পতিবাৰৰ নিশাই বিধায়ক আৱাসতে ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈ পৰিছিল । অসুস্থ হৈ পৰাত লৰালৰিকৈ তেখেতক দিচপুৰ ছুপাৰ মাৰ্কেটৰ জি এন আৰ চিত ভৰ্তি কৰোৱা হয়।
সম্প্ৰতি বিধায়ক আনোৱাৰ হুছেইন লস্কৰৰ আশু আৰোগ্য কামনাৰে মোনাজাত চলিছে মচজিদে মচজিদে ।