ৰঙিয়া, ২০ ডিচেম্বৰঃ ৰঙিয়াৰ এটি দৰিদ্ৰ পৰিয়ালৰ অসহায় সন্তানে ১৭ ধৰি বন্দী জীৱন যাপন কৰি আছে এটি বন্ধ কোঠালীত। বিশেষভাবে শৈষম সন্তানটি আৰ্থিক দীনতাৰ বাবে উপযুক্ত চিকিৎসাৰ অভাৱত জীৱ-জন্তুৰ দৰে এটি বন্ধ কোঠালিত আবদ্ধ কৰি ৰাখিবলৈ বাধ্য হৈছে দৰিদ্ৰ পৰিয়ালটো। দিন হাজিৰা কৰা প্ৰসন্ন ডেকাৰ প্ৰথম পুত্ৰ ১৯ বছৰীয়া হিৰকজ্যোতি ডেকা জন্মৰ দুবছৰ পিছতে অসুস্থ হৈ পৰিছিল আৰু পৰবৰ্তী সময়ত ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ দুৰ্ভগীয়া যুৱকজনৰ বৰ্তমান কটাবলগীয়া হৈছে এক বেদনাদায়ক জীৱন। উপযুক্ত চিকিৎসাৰ অভাৱত যুৱকজনে কথা কবলৈ আৰু খোজ কাঢ়িবলৈ অপাৰগ হোৱাৰ লগতে শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰত বাধাগ্ৰস্ত হৈ পৰিছে। দৰিদ্ৰ পিতৃ মাতৃয়ে প্ৰথম অৱস্থাত নিজৰ সামৰ্থ অনুযায়ী যুৱক জনক চিকিৎসা প্ৰদান কৰিছিল যদিও আৰ্থিকভাৱে অক্ষম পিতৃ মাতৃয়ে উপযুক্ত চিকিৎসা প্ৰদান কৰিব নোৱাৰাত প্ৰায় দুবছৰ বয়সৰ পৰাই সন্তানটিক পৰিয়ালটোৱে এটি কোঠাত আবদ্ধ কৰি ৰাখিবলৈ আৰম্ভ কৰে। সুদীৰ্ঘ ১৭ বছৰ ধৰি বিশেষভাৱে সক্ষম এই কিশোৰীগৰাকীক বন্দী কৰি ৰখা হৈছে। সমনীয়াই কলেজত পঢ়া বয়সত নিষ্পাপ কিশোৰগৰাকীয়ে কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে। এই অসহায় যুৱকজনক উপযুক্ত চিকিৎসাৰ বাবে অসমবাসীক সহায় আহ্বান জনাইছে এই দৰিদ্ৰ পৰিয়ালটোৱে। এই যুৱকজনৰ উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ কোনো সুহৃদ ব্যক্তি অথবা দল সংগঠন আগবাঢ়ি আহিলে যুৱকজন স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে।