কোকৰাঝাৰ

১৭ আগষ্ট

উল্টাপানী বন বিষয়াৰ কার্যলায়ত আক্ৰমণ শতাধিক পুৰুষ-মহিলাৰ। আক্ৰমণকাৰীয়ে ভাঙি লণ্ড-ভণ্ড কৰিলে বন বিষয়াৰ কাৰ্যালয়। বন বিভাগে দুজন বন মাফিয়াক আটক কৰাৰ বাবে বন বিষয়াৰ কার্যলায়ত আক্ৰমণ ৰাইজৰ। ঘটনাত জড়িত থকা আঠজন লোকক গ্ৰেপ্তাৰ আৰক্ষীৰ।

কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ উল্টাপানী বন বিষয়াৰ কার্যলায়ত সোমবাৰে দুপৰীয়া ভাগত শতাধিক পুৰুষ-মহিলাৰ দলে আক্ৰমণ চলাই বন বিষয়াৰ কার্যলায়টো ভাঙি লণ্ড-ভণ্ড কৰে। জানিব পৰা মতে দেওবাৰে নিশা উল্টাপানীৰ গভীৰ বনাঞ্চলত দুজন বন মাফিয়াই গছ কাটি থকাৰ খবৰ পাই বন বিভাগৰ লোকে বন মাফিয়া দুজনক আটক কৰাৰ বাবে সোমবাৰে দুপৰীয়া বন বিষয়াৰ কাৰ্যকালত শতাধিক লোকে আক্ৰমণ চলায়। ২ নং উল্টাপানী গাঁৱৰ থাংকী নাৰ্জাৰী আৰু সুমিত সুমপ্ৰামাৰী নামৰ বন মাফিয়া দুজনক দেওবাৰ নিশা বন বিভাগৰ লোকে আটক কৰি সোমবাৰে পুৱাৰ ভাগত দুয়োকে যাবলৈ দিয়া হৈছিল যদিও দুপৰীয়াৰ ভাগত হঠাতে শতাধিক লোকে বন বিষয়াৰ কার্যলায়ত আক্ৰমণ চলাই কার্যলায়টো লণ্ড-ভণ্ড কৰাৰ লগতে কেইবাখনো বাহন ভাঙি পেলাই।

ঘটনা সংক্ৰান্তত গোচৰ ৰুজু কৰাত আৰক্ষীয়ে ঘটনাৰ লগত জড়িত থকা আঠজন লোকক আটক কৰি থানালৈ অনা বুলি জানিব পৰা গৈছে। আক্ৰমণত বন বিষয়াৰ কাৰ্যালয় আৰু কেইবাখনো বাহন সম্পূৰ্ণৰূপে ভাঙি লণ্ড-ভণ্ড হোৱাৰ লগতে বহু মূল্যবান নথি-পত্ৰও নষ্ট হোৱা বুলি জানিবলৈ দিয়ে উল্টাপানীৰ বন বিষয়া হেমন্ত মোছাহাৰীয়ে।