গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট: বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি অহা সোমবাৰৰ দিনটোও উৎকট গৰমে দহিব ৰাজ্যৰ লগতে মহানগৰী বাসীক । কেবাদিন ধৰি উৎকট গৰমে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যহত কৰি থকাৰ মাজতে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আৰু ২৪ ঘণ্টা বৰষুণ নহয় বুলি সদৰী কৰি সোমবাৰৰ দিনটিতও গৰমৰ মাত্ৰা অধিক হব বুলি জানিব দিয়ে । বিগত বছৰ বোৰতকৈ এই বেলি ২০১৮ চনৰ আগষ্ট মাহত তুলনা মূলক ভাবে বৰষুণৰ মাত্ৰা কম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আকাশত মেঘাচন্ন নোহোৱাৰ বাবে সৌৰজগতৰ ৰশ্মি পোনপটীয়াকৈ পৰাৰ বাবে এই উৎকট গৰমৰ সৃষ্টি হয় বুলি বতৰ বিজ্ঞানীয়ে জানিবলৈ দিয়ে । অহা ২১ আগষ্টৰ পৰা অসম তথা মহানগৰীত কিছু পৰিমানে বৰষুণ অহাৰ সম্ভনা ব্যক্ত কৰিলে বৰঝাৰ অঞ্চলি বতৰ বিজ্ঞান কেন্দ্ৰই ।