হোজাই, সংবাদ ৩৬৫, ২০ জুলাই: পাঠদান চলি থকাৰ সময়তে হঠাৎ অচেতন হৈ পৰিল হোজাই মৰিয়ম আজমল মহিলা মহাবিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ১৬০ গৰাকী ছাত্রীৰ ভিতৰত ২১ গৰাকী ছাত্রী। তাৰ পিছতে হুৱাদুৱা লাগে মহাবিদ্যালয়ৰ চৌহদত।ততাতৈয়াকৈ সকলোকে হাম হস্পিতেলত ভৰ্ত্তি কৰোৱা হয়। একাংশ চিকিৎসকৰ মতে অত্যাধিক গৰমৰ ফলত এই ঘটনা হোৱা বুলি মন্তব্য প্ৰকাশ কৰিছে। মহাবিদ্যালয় খনৰ কৰ্তৃপক্ষই ঘটনাটো গাপ দিয়াৰ চেষ্টা কৰিছিল। আনহাতে শিক্ষা প্ৰতিষ্ঠান আৰু চিকিৎসালয় সংসদ বদৰুদ্দিন আজমলৰ মালিকাধিন হোৱা বাবে সকলো গোপনীয়তা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ শিক্ষা ব্যৱস্থাত অতিপাত গৰমৰ বাবে জুলাই মাহত চৰকাৰী বিদ্যালয় সমূহ গৰম বন্ধ দিয়া হয় যদিও, ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহৰ বাবে এই ব্যৱস্থা কিয় চৰকাৰৰ শিক্ষা বিভাগে নাকী লগাব পৰা নাই ?  শিক্ষা মানদণ্ড উন্নত কৰা বাবে ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে এই দৰে ছাত্ৰ ছাত্ৰী সকলক হাৰাশাস্তি কৰি ভৱিষ্যত অন্ধকাৰ দিশত লৈ যাব বিচাৰিছে নেকি ? এতিয়া শিক্ষা বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়াহে লক্ষণীয় হ’ব।