গুৱাহাটী, সংবাদ ৩৬৫, ১১ অক্টোবৰ: বঙ্গোপসাগৰত নিম্ন চাপৰ বাবে উৰিষ্যাত সৃষ্টি হোৱা টিতলী ধুমুহাৰ প্ৰভাৱ পৰিছে অসম তথা উত্তৰ-পুৰ্বাঞ্চলত। উল্লেখযোগ্য যে ঘন্টাত ১৪০ কি:মি: গতিত অহা টিটলিৰ প্ৰভাৱত অসম তথা উত্তৰ-পুৰ্বাঞ্চলৰ আকাশ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাও পৰিলক্ষিত হৈছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা বতৰৰ আগজাননী অনুসৰি টিটলিৰ প্ৰভাৱত বৃহস্পতিবাৰ ১১ অক্টোবৰৰ পৰা অহা ১৩ অক্টোবৰলৈ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ-পুৰ্বাঞ্চলত ধাৰাষাৰ বৰষুণ হোৱাৰ প্ৰবল সম্ভাৱনা আছে যদিও ১৪, ১৫ অক্টোবৰত অসমৰ বিভিন্ন প্ৰান্তত বৰষুণৰ পৰিমান কিছু পৰিমানে হ্ৰাস পাব। গুৱাহাটীত আজি ১১ অক্টোবৰৰ পৰা অহা ১৩ অক্টোবৰলৈ মধ্যমীয়া বৰষুণৰ সম্ভাৱনা আছে।