গুৱাহাটী, সংবাদ ৩৬৫, ৩০ মাৰ্চ : চি পি আই (এম-এল) লিবাৰেচনৰ কেন্দ্ৰীয় সমিতিয়ে জনগণৰ সংগ্ৰামৰ মৌলিক ইছ্যুৰ ওপৰত ভিত্তি কৰি শনিবাৰে সংবাদমেলৰ জৰিয়তে এখন ঘোষণা পত্ৰ দাঙি ধৰে।

ফেচিবাদী শক্তিক সৰ্বশক্তিৰে পৰাজিত কৰা আৰু গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামক আগুৱাই নিয়াই হ’ব অৰ্থাৎ বিজেপি হটাওক , দেশ বচাওক, অসম বচাওক হ’ব এইবাৰৰ নিৰ্বাচনত চি পি আই (এম-এল)ৰ মূল লক্ষ্য।

এইবাৰৰ নিৰ্বাচনত চি পি আই (এম-এল) দলে মোদী চৰকাৰক ক্ষমতাৰ পৰা অপসাৰণ কৰাৰ জৰুৰী প্ৰয়োজনত সমগ্ৰ দেশত সীমিত সংখ্যক সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াব। আন সমষ্টিত সক্ৰিয়ভাৱে বিজেপিৰ বিৰুদ্ধে প্ৰচাৰ অভিযান সংগঠিত কৰিব আৰু বিজেপি তথা এন ডি এৰ প্ৰাৰ্থীৰ পৰাজয় নিশ্চিত কৰাৰ বাবে সকলো অংশৰ ৰাইজ,তথা বিজেপি বিৰোধী শক্তিক সংগঠিত কৰাৰ সৰ্বাত্মক উদ্যোগ গ্ৰহণ কৰিব।

সংবাদমেলত তেওঁলোকে কয় যে ২০১৪ চনত বিজেপিয়ে কেন্দ্ৰৰ ক্ষমতা দখল কৰা আৰু নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পাছৰ পৰা পাঁচটা বছৰত চৰকাৰ আৰু আৰ এছ এছয়ে দেশক ক্ৰমান্বয়ে এখন ফেচিবাদী ৰাষ্ট্ৰ গঢ়াৰ দিশে লৈ গৈছে। মোদী চৰকাৰে দৰিদ্ৰ জনসাধাৰণৰ জীৱন-জীৱিকাৰ ওপৰত বিমুদ্ৰাকৰণৰ গধুৰ হাতুৰীৰে ভীষণ আঘাট হানিলে।

উক্ত সংবাদমেলতে দলে জনগণৰ সংগ্ৰামৰ মৌলিক ইছ্যুসমূহৰ ভিত্তিত এখন ঘোষণা পত্ৰ দাঙি ধৰে আৰু অসমৰ নির্দিষ্ট পৰিস্থিতিত মৌলিক ইছ্যুসমূহ সমাধানৰ চৰ্ত হিচাপে বিৰোধী শক্তিৰ ওচৰত দাঙি ধৰে।