কোকৰাঝাৰ, সংবাদ ৩৬৫, ১৪ মাৰ্চ: মঙলবাৰে নিশা দুৰ্বৃত্তই কোকৰাঝাৰ চহৰৰ ৰবীন্দ্ৰ নগৰত থকা শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। স্থানীয় বিজেপি কৰ্মীসকলে এই ঘটনাৰ তীব্ৰ গৰিহণা দিয়াৰ লগতে অতি শীঘ্ৰে এই ঘটনাৰ লগত জড়িত ব্যক্তিক আটক কৰিবলৈ দাবী জনাইছে। কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙে জানিবলৈ দিয়া মতে আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ব্যক্তিক বিচাৰি অনুসন্ধান আৰম্ভ কৰিছে। ইয়াৰ পূৰ্বেও কলকাতাত শ্যামা প্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱা হৈছিল। উল্লেখ্য যে, ত্ৰিপুৰাত ২৫ বছৰীয়া চিপিআই (এম)ৰ শাসনৰ সমাপ্তি ঘটাই বিজেপি ক্ষমতালৈ অহাৰ পিছত পশ্চিম ত্ৰিপুৰাৰ বেলোনিয়াত একাংশ উদণ্ড বিজেপি কৰ্মীয়ে বুলডজাৰ লগাই বিশ্বপ্ৰসিদ্ধ বাওঁপন্থী নেতা লেনিনৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ পিছতে দেশৰ বিভিন্ন প্ৰান্তত বিশিষ্ট ব্যক্তি সকলৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণৰ ঘটনা বৃদ্ধি পাইছে। তামিলনাডুতো কিছুদিন পূৰ্বে বিশিষ্ট ৰাজনীতিবিদ আৰু সমাজ সংস্কাৰক পেৰিয়াৰৰ প্ৰতিমূৰ্তি ভাঙি পেলোৱাৰ লগতে বি আৰ আম্বেদকাৰ আৰু মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিৰ ওপৰতো দেশৰ বিভিন্ন প্ৰান্তত আক্ৰমণ সংঘটিত হৈছিল। বিশিষ্ট ব্যক্তিৰ প্ৰতিমূৰ্তিৰ ওপৰত আক্ৰমণৰ ঘটনা অসমত এইটোৱে প্ৰথম।