বটদ্ৰৱা

১৮ অক্টোবৰ

এইবাৰ গুৰুজনাৰ জন্মস্থানত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাক বাধা প্ৰদান। বটদ্ৰৱাত সত্যৰঞ্জন বৰা উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল-সংগঠনৰ তীব্ৰ প্ৰতিবাদ। পৰিস্থিতি উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

দেওবাৰে নগাঁও জিলাৰ বটদ্ৰৱাত উপস্থিত হয় হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা। বটদ্ৰৱাত উপস্থিত হোৱাৰ লগে লগে তীব্র প্ৰতিবাদৰ সন্মুখীন হ’বলগীয়া হয় হিন্দুত্ববাদী নেতা গৰাকী। সত্যৰঞ্জন বৰা বটদ্ৰৱা থানলৈ অহাত বাধা প্রদান কৰে বিভিন্ন দল-সংগঠনে। বটদ্ৰৱা থানলৈ অহা মূল পথ শান্তিজান বজাৰত বিভিন্ন দল-সংগঠনে সত্যৰঞ্জন বৰাক কলা পতাকা প্ৰদৰ্শন কৰি উত্তাল প্ৰতিবাত সাব্যস্ত কৰি বাধা প্রদান কৰে। দল-সংগঠনে বাধা প্ৰধান কৰাৰ পিছতো হিন্দুত্ববাদী নেতা গৰাকী ৰাওনা হয় বটদ্ৰৱা থানলৈ। থানত আৰক্ষীৰ বাধা নেউচি প্ৰৱেশ কৰে সত্যৰঞ্জন বৰাই। দল-সংগঠনৰ নেতা সকলে থানৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। হিন্দুত্ববাদী নেতা গৰাকীৰ সমৰ্থক আৰু দল-সংগঠনৰ মাজত এক উতপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱাও পৰিলক্ষিত হয়। পৰৱৰ্তী সময়ত আৰক্ষীৰ উচ্চপদস্থ বিষয়াই উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ সক্ষম হয়।

ইফালে সত্যৰঞ্জন বৰাই সাংবাদিকৰ আগত কয় যে মই মোৰ গুৰুৰ ওচৰত আহিছো কোনেও মোক বাধা দি ৰাখিব নোৱাৰে। ঈশ্বৰৰ ওচৰত আহিবলৈ কাৰো অনুমতি প্ৰয়োজন নাই। জয় শ্ৰীৰাম ধ্বনি বিৰোধ কৰা সকল অসমীয়াই হওক বা হিন্দুয়ে হওক তেওঁলোকে জয় শ্রী ৰাম ধ্বনিক অপমান কৰা নাই অপমান কৰিছে গুৰুজনাক আৰু গুৰুজনাৰ অপুৰ্ব সৃষ্টি কীৰ্তন ঘোষাক বুলিও মন্তব্য কৰে হিন্দুত্ববাদী নেতা গৰাকীয়ে।