তেজপুৰ. সংবাদ ৩৬৫, ১২ জুলাইঃ কালৰো কাল ; বিপৰীত কাল৷ আৰক্ষীয়ে বেছিলে বন বিভাগৰ মাল৷ আইন ৰক্ষকেই এতিয়া চৌৰ্য বৃত্তিত লিপ্ত। বিগত ৬/৭ মাহৰ পূৰ্বে বন বিভাগৰ এটা দলে স্হানীয় বৰঘাট আৰক্ষীৰ সহযোগত এক অভিযান চলাই জীয়াভৰলি পাৰৰ পৰা জব্দ কৰিছিল এটা অবৈধ কাঠ ফলা মেছিন৷ জব্দকৃত মেছিনটো বৰঘাট আৰক্ষী চকীত পৰি ৰৈছিল দীৰ্ঘদীন ধৰি। মঙলবাৰে নিশা বৰঘাট আৰক্ষীয়ে আমোলাপামৰ এজন কাঠ ব্যৱসায়ীক বিক্ৰী কৰি দিয়ে উক্ত মেছিনটো। স্হানীয় লোকে জিলা উপায়ুক্তক দাখিল কৰা লিখিত অভিযোগৰ ভিত্তিত পিছত সেই অভিযোগৰ উপায়ুক্তই জাৰি কৰা নিৰ্দেশৰ ভিত্তিত বুধবাৰে সন্ধিয়া বন বিভাগৰ লোকে অভিযান চলাই উদ্ধাৰ কৰে কাঠ ফলা মেছিনটো৷ ইতিমধ্যে অবৈধ কাঠ ফলা মেছিনটো বিক্ৰী কৰি অন্তৰ্ধান বৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আমিনুল ইছলাম৷ ঘটনাটোৰ পিছতেই সাংবাদিকৰ দল বৰঘাট আৰক্ষী চকীত উপস্হিত হৈ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীক বিচাৰে যদিও বিষয়া গৰাকী ইটানগৰলৈ যোৱা বুলি জানিবলৈ দিয়ে৷
