নিউজ ডেক্স, সংবাদ ৩৬৫, ৩০ মাৰ্চ : ভৱানী নাথ বাল্মিকী এইবাৰৰ লোকসভা নিৰ্বাচনৰ এগৰাকী ব্যতিক্ৰমী প্ৰাৰ্থী। অধিবক্তা, অভিনেত্ৰীৰ পাছত এইবাৰ নিৰ্বাচনত নামিল এগৰাকী তৃতীয় লিংগৰ প্ৰাৰ্থী।

এইগৰাকী প্ৰাৰ্থীক আপৰ আম আদমী পাৰ্টীয়ে প্ৰয়াগৰাজ সমষ্টিৰ পৰা প্ৰাৰ্থীত্ব দিছে । তেৰ বছৰ বয়সত ঘৰ এৰি সামাজিক কাম আৰু ধৰ্ম চৰ্চাত ব্ৰতী ভবানী দিল্লী আন্তৰাষ্ট্ৰীয় ফিল্ম মহোৎসৱৰ নিৰ্ণায়ক মণ্ডলীৰ সদস্যৰ লগতে কিন্নৰ প্ৰমুখ।

আপৰ ৰাজ্যসভাৰ সাংসদ সঞ্জয় সিঙে কয় তৃতীয় লিংগক মৰ্যদা দি ভবানীক প্ৰাৰ্থীত্ব দিয়া হৈছে আৰু বিজয়ৰে দেশৰ প্ৰথমগৰাকী কিন্নৰ সাংসদ হব।