অভয়াপুৰী, সংবাদ ৩৬৫, ২১ অক্টোবৰ: অভয়াপুৰী থানাৰ উত্তৰ শালমাৰা আৰক্ষী চকীৰ অন্তৰ্গত কাকৈজানাত দেওবাৰে শালমাৰা আৰক্ষীৰ অভিযানত এখন চোৰাং খাৰুৱা তেল কঢ়িয়াই অনা টেংকাৰ জব্দ হয়। এক গোপন সূত্ৰৰ পৰা পোৱা খৱৰৰ ভিত্তিত উত্তৰ শালমাৰা আৰক্ষীয়ে অভিযান চলাই কাকৈজানাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এন এল ০২ কিউ- ৬২ ০০ নম্বৰৰ ক্ৰুড অইল ভৰ্তি টেংকাৰখন জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু টেংকাৰ খনত থকা চালক আৰু হেণ্ডিমেনে সুযোগ বুজি পলাই যাবলৈ সক্ষম হয়। টেংকাৰ খনৰ পৰা আৰক্ষীয়ে কোনো ধৰণৰ নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হোৱা নাই। বহি ৰজ্যলৈ নিয়াৰ বাবে তেল খিনি অনা বুলি সন্দেহ কৰা হৈছে। এই সম্পৰ্কে ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি টেংকাৰখনত থকা তেলৰ নমুনা পৰীক্ষাৰ বাবে ফৰেণচিক বিজ্ঞানাগাৰলৈ প্ৰেৰণ কৰিছে।