নাহৰকটীয়া, সংবাদ ৩৬৫, ১২ ফেব্ৰুৱাৰী: নাহৰকটীয়াৰ জয়পুৰ বৰ্ষাৰণ্যৰ সমীপতে বালি মাফিয়াৰ দৌৰাত্ম্য। চকু মুদা কুলিৰ ভাৱত ৰাজ্যৰ বিয়াগোম বন বিভাগ। দৈনিক শ শ ট্ৰাক অবৈধ বালি সৰবৰাহ হৈ আহিছে নাহৰকটীয়া, জয়পুৰ অঞ্চলৰ লগতে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈও। উল্লেখযোগ্য যে ৰেইনফৰেষ্ট এক্ট অনুসৰি জয়পুৰ বৰ্ষাৰণ্যৰ অন্তৰ্গত ৫ কিঃমিঃ ব্যৱধানত কোনো লোকে বালি বা শিলগুটি এটাও খান্দিব নোৱাৰে তেনে স্থলত ডিগবৈ বন সংমণ্ডল আৰু জয়পুৰ বন সংমণ্ডলক মেনেজ কৰি বালি মাফিয়াই দীৰ্ঘদিন ধৰি চলাই আহিছে বালিৰ অবৈধ মুক্ত খনন। যাৰ বাবে এতিয়া বিপদ সংকুল হৈ পৰিছে জয়পুৰ বৰ্ষাৰণ্যৰ লগতে টিপাম দলংখনৰ বাবেও। আনকি ইমানতো শান্ত নাথাকি ক্ষমতাৰ বলিয়ান হৈ ধনবল বাহুবল প্ৰয়োগ কৰি এচাম বালি মাফিয়াই নতুনকৈ জয়পুৰ নক্টে গাঁৱতো জেচিবি আৰু ডাম্পাৰ নদীৰ বুকুত নমাই নতুনকৈ আৰম্ভ কৰিছে বালিৰ অবৈধ মুক্ত খনন। এতিয়া প্ৰশ্ন হয় যি সময়ত স্থানীয় একাংশ সচেতন যুৱকে জয়পুৰ বৰ্ষাৰণ্যক দেশী- বিদেশী পৰ্য্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দুৰ বাবে বলিউডৰ নামী – দামী অভিনেতাৰ বিজ্ঞাপনেৰে জয়পুৰ বৰ্ষাৰণ্য উৎসৱ উদযাপন কৰি চমক সৃষ্টি কৰি আহিছিল, সেই সময়তে একাংশ বন বিষয়াক মেনেজ কৰি অবৈধভাবে বালি খননেৰে মাফিয়াই নি:শেষ কৰিব লৈছে জয়পুৰ বৰ্ষাৰণ্যক। আনহাতে বনমন্ত্ৰী পৰিমল শুক্লবৈদ্য আৰু তেওঁৰ বিয়াগোম বন বিভাগে বালি মাফিয়া সকলক এতিয়া কি দৰে নাকী লগাব পাৰে সেয়া সময়তহে স্পষ্ট হব।