কলাইগাঁও, সংবাদ ৩৬৫, ৬ নৱেম্বৰ: “মোৰ লৰা টোক ঘূৰাই দিয়ক। তাক লৈ আমাৰ বহু আশা”। এই হিয়া ভঙা কান্দোন মাতৃ বুলু নাথৰ আলফাৰ সেনাধ‍্যক্ষ পৰেশ বৰুৱালৈ। পুত্ৰৰ ফটো বুকুত বান্ধি চকুলোৰে বাট নেদেখা অৱস্থা মাতৃ বুলু নাথৰ। ৰাজ্যত পুনৰ অব‍্যাহত আছে আলফা স্বাধীনত নতুন সভ‍্য ভৰ্ত্তি প্ৰক্ৰিয়া। সেনা আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজতে ওডালগুৰি জিলাত বিগত কিছুদিন ধৰি বৃদ্ধি পাইছে নিষিদ্ধ ঘোষিত সংগঠন আলফাত যোগদান কৰা কাৰ্য্য। পিতৃ মাতৃ তথা বন্ধু বান্ধৱীৰ অজ্ঞাতে এই সকল যুৱকে আলফাত যোগদান কৰি আলফা সেনাধ‍্যক্ষ পৰেশ বৰুৱাৰ হাত শক্তিশালী কৰিব বুলি প্ৰষ্ট ইংগিত বহন কৰিছে যদিও এই কাৰ্য্যত সম্নতি নাই পৰিয়ালৰ একাংশ লোকৰ। তাৰেই এক প্ৰতিচ্ছবি দেখা পোৱা গ’ল ওডালগুৰি জিলাৰ কলাইগাঁও থানাৰ অন্তৰ্গত নাহৰবাৰী গাঁৱৰ এগৰাকী মাতৃৰ হিয়া ভঙা কান্দোন। তিনি সন্তানৰ মাতৃ,স্বামী মদন নাথৰ সৈতে এখন সুখৰ সংসাৰ বুলু নাথৰ। ঘৰখন চলাবলৈ বহু অভাৱ যদিও পিতৃ মাতৃয়ে লোকৰ ঘৰত হাজিৰা, ঠিকা কৰি লৰা তিনি জনক শিক্ষা দীক্ষাৰে মানুহ কৰিব চেষ্টা কৰিছে। ডাঙৰ পুত্ৰ ১০৮ গাড়ীৰ চালক। মাজু পুত্ৰ গুৱাহাটীত হাজিৰা কাম কৰে। সৰু পুত্ৰ শশংক পঢ়াত বহু চোকা। সেই বাবে মাজূ ককায়েকে পঢ়া বাদ দি গুৱাহাটীত হাজিৰা কৰিবলৈ লয়। শশংকই মেট্ৰিকত ভাল ফলাফল কৰাৰ বাবে টংলাৰ এখন ব‍্যত্তিগত কলেজত বিজ্ঞান বিভাগত নাম ভৰ্তি কৰাই দিয়ে। কিন্তু বিধিৰ বিপাক এদিন অলপ ওলাই আহো বুলি ঘৰত কৈ অহা শশংক আজি দুমাহে ঘৰলৈ উভতি যোৱা নাই। কিছু দিন পিছত সেনা বাহিনী আৰু অসম কমাণ্ডোৰ লোক সুকীয়া সুকীয়াকৈ গৈ শশংকৰ মাক দেউতাকক খৱৰ দিয়ে শশংক গাঁৱৰে ধনজিৎ বৈ‍শ‍্যৰ সৈতে আলফাত যোগদান কৰাৰ কথা। সেইদিন ধৰি মাতৃ বুলু নাথৰ চকুত নাই টোপনি। পদূলি মূখলৈ বাট চাই থাকে, কিজানি তেওঁৰ পুত্ৰ ঘূৰি আহে। সংবাদ মাধ্যমৰ ওচৰত মাতৃয়ে হিয়া ভঙা কান্দোনেৰে অনুৰোধ জনায় কয় যে আলফাৰ সেনাধ‍্যক্ষ পৰেশ বৰুৱালৈ “মোৰ লৰা টোক ঘূৰাই দিয়ক।তাক লৈ আমাৰ বহু আশা”। উল্লেখযোগ্য যে , শংশকৰ ঘৰ খন ইমানেই আৰ্থিক ভাৱে দুৰ্বল যে, তিনি পুত্ৰ ঘৰত নিশা একেলগে থাকিলে ঠাইৰ অভাৱত পিতৃ মাতৃ দুয়ো বাহিৰৰ বাৰন্দাত শুৱ লগা হয়। ইফালে পুত্ৰক ক্ষমা কৰি ঘৰৰ লৰা ঘৰলৈ উভতি আহিবলৈ আহবান জনালে পিতৃ মদন নাথেও। পুত্ৰক লৈ শোকত পিতৃৰ আহবান, “তোৰ কাৰনে ঘৰৰ দুৱাৰ সদায় খোলা”। মাক দেউতাৰ কথা পুত্ৰ শশংক অথৱা আলফা সেনাধক্ষ পৰেশ বৰুৱাই কি দৰে গ্ৰহণ কৰে,সেয়াহে হ’ব লক্ষনীয় ।