নিউজ ডেস্ক, সংবাদ ৩৬৫, ২৩, এপ্ৰিল : ছেমিফাইনেলত প্ৰৱেশৰে পদক নিশ্চিত কৰিলে শিৱ থাপাই। ৬০ কেজিৰ কোৱাৰ্টাৰ ফাইনেলত দৰ্শনীয় জয় শিৱ থাপাৰ।

থাইলেণ্ডৰ হাণ্টিং ৰাজাক্ৰনক ৫ – ০ পইণ্টত পৰাস্ত কৰে শিৱই ।
এছিয়ান বক্সিং চেম্পিয়নশ্বিপত শিৱ থাপাৰ নতুন ইতিহাস ।
ক্ৰমাগত ৪ বাৰলৈ এছিয়ান বক্সিঙত পদক শিৱৰ ।
এই কৃতিত্ব অৰ্জন কৰা শিৱ থাপাই হৈছে প্ৰথম ভাৰতীয় বক্সাৰ।

উল্লেখ্য যে ২০১৩, ২০১৫, ২০১৭ চনতো শিৱই দখল কৰিছিল পদক । ২০১৩ চনত দখল কৰিছিল সোণৰ পদক, ২০১৫ত ব্ৰঞ্জ আৰু ২০১৭ত দখল কৰিছিল ৰূপৰ পদক।

সম্প্ৰতি বেংককত চলি আছে এছিয়ান বক্সিং চেম্পিয়নশ্বিপ।
অহা ২৫ এপ্ৰিলত অনুষ্ঠিত হ’ব ছেমিফাইনেলখন।