নিউজ ডেস্ক, সংবাদ ৩৬৫, ১০ জানুৱাৰী : অসমৰ এজন বাঁহীবাদকৰ প্ৰশংসাত পঞ্চমুখ বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন। বাঁহী বাদকজনৰ নাম দিলীপ হীৰা।

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অসমলৈ অহা শংকৰ মহাদেৱনে ইতিমধ্যে ফেচবুকত শ্বেয়াৰ কৰিছে এই ভিডিওটো । এতিয়া ছ’ছিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ভিডিওটো।

উল্লেখ্য যে মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেষ্টত ব্ৰেকফাষ্ট কৰি আছিল শংকৰ মহাদেৱনে । তেনে সময়তে দিলীপ হীৰাক লগ পায় শংকৰ মহাদেৱনে । মহাদেৱনৰ অনুৰোধত দিলীপ হীৰাই বাঁহীৰে বজাই শুনালে এক অনন্য সুৰ।

এই ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত। নগাঁৱৰ দিলীপ হীৰাই ইতিমধ্যে কেইবাখনো অসমীয়া ছবি আৰু এলবামত বাঁহী বজাই তেখেতৰ প্ৰতিভাৰ পৰিচয় দিছে।এগৰাকী প্ৰতিভাশালী বাঁহীবাদক হিচাপে ফেচবুকৰ জৰিয়তে শংকৰ মহাদেৱনে চিনাকী কৰি দিয়ে দিলীপ হীৰাক ।

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অসমলৈ অহা শংকৰ মহাদেৱনে ফেচবুকত শ্বেয়াৰ কৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত শংকৰ মহাদেৱনে দিলীপ হীৰা নামৰ অসমৰ এগৰাকী বাঁহীবাদকৰ সৈতে দেখা গৈছে।

বলীউদৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে দিলীপ হীৰাক সকলোকে চিনাকি কৰাই দি কয় যে দিলীপ এগৰাকী অত্যন্ত প্ৰতিভাশালী বাঁহীবাদক। তাৰ পিছতে দিলীপ হীৰাক কিবা এটা শুনাবলৈ কয় শংকৰ মহাদেৱনে। মহাদেৱনৰ অনুৰোধত দিলীপ হীৰাই বাঁহীৰে বজাই শুনালে এক অনন্য সুৰ। এই ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

আচলতে গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেষ্টত ব্ৰেকফাষ্ট কৰি থকাৰ সময়তে দিলীপ হীৰাক লগ পায় শংকৰ মহাদেৱনে। দিলীপ হীৰাৰ ঘৰ নগাঁৱত। কেইবাখনো অসমীয়া ছবি আৰু এলবামত বাঁহী বজাই প্ৰতিভাৰ প্ৰমাণ দিছে দিলীপ হীৰাই। কিন্তু শংকৰ মহাদেৱনৰ সৈতে এয়া নিশ্চয়কৈ দিলীপ হীৰাৰ বাবে এক অনন্য অনুভৱ হৈ ৰ’ব।

এটা ভাইৰেল ভিডিঅ’ই এতিয়া ছচিয়েল মিডিয়াত খলকনি তুলিছে। এই ভাইৰেল ভিডিঅ’টোত অসমৰ এজন বাঁহীবাদকে বাঁহী বজাইছে আৰু কাষত বলিউদৰ জনপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱনক দেখা গৈছে।

খেল’ ইণ্ডিয়াৰ উদ্বোধনী অনুষ্ঠানত অংশ গ্ৰহণৰ বাবে অহা শংকৰ মহাদেৱনে নিজৰ ফেচবুকত শ্বেয়াৰ কৰিছে এই বিশেষ ভিডিঅ’টো।

উল্লেখযোগ্য যে আজি মহানগৰীৰ হোটেল তাজ ভিভাণ্টাৰ উমামি ৰেষ্টুৰেণ্টত শংকৰ মহাদেৱনে ব্ৰেকফাষ্ট কৰি থকা সময়তে অসম তথা নগাঁৱৰ বাঁহীবাদক দিলীপ হীৰাক লগ পায়।

লগ পোৱাৰ পিছতে বাঁহীবাদকগৰাকীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বলীউদৰ জলপ্ৰিয় কণ্ঠশিল্পী শংকৰ মহাদেৱন। শংকৰ মহাদেৱনে ফেচবুকৰ জৰিয়তে দিলীপ হীৰাক সকলোকে চিনাকী কৰি দি কয় দিলীপ এগৰাকী অত্যন্ত প্ৰতিভাশালী বাঁহীবাদক।