বনৌষধিৰ পৰা কেঁকোৰা নাঙললৈকে সংৰক্ষিত হৈছে সংগ্ৰহালয়ত
অসমীয়াৰ ঐতিহ্য, অসমীয়া জাতীয় জীৱনত ব্যৱহৃত সামগ্ৰীসমূহ লাহে লাহে ইতিহাসৰ বুকুত বিলীন হোৱাৰ পথত৷ আধুনিকতাৰ ধামখুমীয়াৰ মাজত হেৰাই যাব ধৰিছে অসমীয়াৰ গৌৰৱৰ সামগ্ৰী সমূহৰ৷ হৃদয়ৰ নিভৃত অংশত সৰুকালৰ স্মৃতিসমূহ সুপ্ত অৱস্থাত সোমাই আছে যদিও মহানগৰীয় যান্ত্ৰিকতাৰ মাজত সেই স্মৃতি ৰোমন্থন কৰাৰ আহৰি নাই৷ কিন্তু এনে ব্যস্ততাময় জীৱনৰ মাজতো কিছুমান লোক আছে যি সেই স্মৃতি ৰোমন্থন কৰাৰ লগতে বাস্তৱ ৰূপো দিছে৷ তেনে এজন ব্যক্তি হৈছে সোমেশ্বৰ দত্ত৷ নাৰেংগীৰ সেউজ নগৰত থকা সোমেশ্বৰ দত্ত কৰ্মত এজন আৰক্ষী বিষয়া৷ অৰ্থনৈতিক অপৰাধ অনুসন্ধান সংস্থাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিভাগত চাকৰি কৰাৰ পিছটো দত্তই অসমীয়াৰ ঐতিহ্য, অসমীয়া জাতীয় জীৱনত ব্যৱহৃত সামগ্ৰী সমূহ প্ৰতি থকা মোহত ঘৰতে এটা সংগ্ৰহালয় বনাইছে৷ দত্তৰ এই সংগ্ৰহালয়ত আছে পথাৰৰ নাঙল, লাহতী, জবকা, কেঁকুৰাকে ধৰি বিৰিয়াডালৰ পৰা গৰুগাড়ীলৈকে অজস্ৰ সামগ্ৰী৷ আনফালে দত্তই ঘৰতে এখন সুন্দৰ বাৰী বনাই লৈছে৷ দত্তৰ বাৰীখনৰো আছে বিশেষ বৈশিষ্ট্য ৷ মচন্দৰী, মধুসোলেং পৰা দূৰ্লভ বনৌষধিৰ গছৰ লগতে বাৰীত ভৰি আছে পাহৰণি হৈ যোৱা কেবা বিধো ফুল ৷ বসন্তৰ আগমনৰ লগে লগে কপৌ ফুলে ভৰি পৰে দত্তৰ ঘৰৰ পদূলি৷ মহানগৰীৰ যান্ত্ৰিকতাৰ মাজতো সংগ্ৰহালয়টোলৈ গ’লে মনত পৰে গাৱৰ প্ৰতিচ্ছবিখন৷ দত্তৰ উদ্দেশ্য হেৰাই যাব ধৰা ঐতিহ্য সমূহ যাতে নৱ প্ৰজন্মই চিনি পায় ৷