গুৱাহাটী
৭ ছেপ্টেম্বৰ
অসমীয়া জাতিৰ ৰক্ষাৰ বাবে এটা দল, এটা প্ৰতীক আৰু এখন পতাকা হ’ব লাগিব। আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত কৃষক নেতা অখিল গগৈৰ গুৰুত্বপূৰ্ণ মন্তব্য। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত স্বাস্থ্য পৰীক্ষা বাবে আহি কৃষক নেতা অখিল গগৈয়ে সকলোকে “কা” আন্দোলন চলাই যাবলৈ আহ্বান জনায়।
আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ পুর্বে ৰাজ্যত আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ধুমুহা উঠিছে। শাসকীয় বিজেপি দলক ৰোধিবলৈ এটাৰ পিছত আনটো আঞ্চলিক ৰাজনৈতিক দল গঠনৰ ঘোষণা কৰিছে বিভিন্ন দল-সংগঠনে। আছু, কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও দল-সংগঠনে ইতিমধ্যে ঘোষণা কৰিছে আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাৰ কথা। ইয়াৰ মাজতে আঞ্চলিক ৰাজনৈতিক দল সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰিলে কৃষক নেতা অখিল গগৈয়ে। সোমবাৰে কৃষক নেতা গৰাকীয়ে কয় যে ১০-১৫ টা আঞ্চলিক দল গঠন কৰিলে নহ’ব। এটা দল, এটা প্ৰতীক আৰু এখন পতাকা হ’ব লাগিব। আমি ঐক্যবদ্ধ, শক্তিশালী, সকলোকে সাঙুৰি আৰু আপোচবিহীন হ’ব লাগিব। আমি যদি ঐক্যবদ্ধ নহওঁ তেন্তে অসমীয়া জাতি মৰিযাব লাগিব বুলিও মন্তব্য কৰে কৃষক নেতা গৰাকীয়ে। আসনৰ ভাগ-বতৰা কৰি আমি বাচিযাম বুলি ভাবিলেও নহ’ব, আমি যাতে আত্মঘাটি নহওঁ ইয়াৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব বুলিও গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে অখিল গগৈয়ে। আমি যদি ঐক্যবদ্ধ নহওঁ তেন্তে হিন্দু-মুছলমানৰ ৰাজনীতি অহা ৩০ ৰ পৰা ৫০ বছৰলৈকে চলি থাকিব আৰু তেতিয়া কিন্তু অসমীয়া জাতি বৰবাদ হৈ যাব বুলিও মন্তব্য কৰে কৃষক নেতা অখিল গগৈ। কৃষক নেতা অখিল গগৈয়ে আছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ৰাজ্যৰ সকলো দল-সংগঠনক একত্ৰিত হ’বলৈ আহ্বান জনায়। যদিহে সকলো দল-সংগঠন একত্ৰিত হয় তেন্তে অসমৰ ৰাজনীতিত ধুমুহাৰ সৃষ্টি হ’ব আৰু এই ধুমুহাত বিজেপি, আৰ এছ এছ, কংগ্ৰেছ আৰু এ আই ইউ ডি এফ উৰি যাব বুলিও মন্তব্য কৰে অখিল গগৈয়ে।
বৃহত প্ৰায় ৯ মাহ ধৰি কাৰাবন্দী হৈ থকা অখিল গগৈক সোমবাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়। অখিল গগৈ বুকু আৰু পেটৰ বিষত ভুগি থকা বুলিও জনিবলৈ দিয়ে। অখিল গগৈয়ে কৃষক মুক্তি সংগ্ৰাম সমিতি, আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদক পৃথকে পৃথকে দল গঠন নকৰিবলৈ সকলোকে “কা” আন্দোলন চলাই যাবলৈও আহ্বান জনায়।