নিউজ ডেস্ক, সংবাদ ৩৬৫, ১১ মাৰ্চ : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজ্যত যধে-মধে গঢ় লৈ উঠা ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহে ৰোগীক মাধ মাৰ শোধোৱাৰ বাতৰি সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পাছতেই এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে দিল্লীৰ উচ্চ ন্যায়ালয়ে ।

এতিয়াৰে পৰা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে নিজৰ মইমতালি কৰিব নোৱাৰিব । দিল্লীৰ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি বৰ্তমান ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহে ৰোগীৰ মৃত্যু হলে চিকিৎসালয় কৰ্তৃপক্ষই কোনো কাৰণত মৃতদেহ বন্দী কৰি ৰাখিব নোৱাৰিব । তেওঁ লাগিলে যিমান টকাৰ বিল পৰিশোধ কৰিবলৈ নাথাকক কিয়।

শেহতীয়া কৈ ব্যক্তিগত খণ্ডৰ চিকিৎসালয় সমূহত এজন ৰোগী মৃত্যু হলে তেওঁৰ সম্পূৰ্ণ বিল আদায় নোপোৱাৰ পৰ্য্যন্ত চিকিৎসালয় খনতে আবদ্ধ কৰি ৰাখে মৃতদেহটো । যাৰ ফলত বিভিন্ন সময়ত ৰোগীৰ আত্মীয়সকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈ আহিছে। উদাহৰণস্বৰূপে, কেতিয়াবা এজন লোক ৰাজপথত দুৰ্ঘটনাত আহত হৈ চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰি থকা অৱস্থাত মৃত্যু হয় যদিও বেছি সংখ্যকৰে আত্মীয়ই খবৰটো লাভ কৰোঁতে পলম হয় ।

আচলতে এজন ৰোগীৰ মৃত্যু হোৱাৰ তিনি ঘন্টাৰ ভিতৰত চিকিৎসালয় কৰ্তৃপক্ষই পৰিয়ালক গতাব লাগে যদিও বিল পৰিশোধৰ অজুহাত দেখুৱাই ঘন্টা ঘন্টা জুৰি ৰাখি থয় মৃতদেহটো। ফলত বহু সময়ত বিপাঙত পৰি আহিছে আত্মীয়সকল। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ৰ এজন সচেতন লোকে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিত শুনানী গ্ৰহণ কৰি এতিয়াৰে পৰা চিকিৎসাধীন অৱস্থাত মৃত্যু হোৱা লোকজনক চিকিৎসালয় কৰ্তৃপক্ষই ৰাখি থব নোৱাৰিব। দিল্লী উচ্চ ন্যায়ালয়ৰ এনে ৰায় দানৰ পাছত ৰাজ্যৰ একাংশ সচেতন লোকে ভূয়সী প্ৰশংসা কৰিছে।