বৰপেটা, সংবাদ ৩৬৫, ১৪ মাৰ্চ: কিছুদিন পূৰ্বে ৰঙিয়া চহৰত ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই ৪২ বছৰ মূৰত দুই ভগ্নীৰ মিলন ঘটোৱাৰ পিছত এইবাৰ বৰপেটা জিলাৰ সৰভোগৰ আৰক্ষী থানাৰ অন্তৰ্গত ফেহুৰাখোৱা গাঁৱত পুনৰ দুই ভাতৃৰ মিলন ঘটালে এনআৰচি’ৰ পুনৰীক্ষণ প্ৰক্ৰিয়াই। এনআৰচি’ৰ বংশবৃক্ষ বিছাৰি নগাঁও জিলাৰ কাকীৰ পৰা বৰপেটা জিলাৰ সৰভোগ থানাৰ অন্তৰ্গত ৫১ নং ফেহুৰাখোৱা গাওঁ পঞ্চায়তৰ এনআৰচি কাৰ্য্যলয়ত উপস্থিত হৈ পঞ্চানন দাসৰ ৪৩ বছৰ পিছত মিলন ঘটে কনিষ্ঠ ভাতৃ সিদ্ধেশ্বৰ দাসৰ সৈতে। ফেহুৰাখোৱা গাৱঁৰ স্বৰ্গীয় বালি ৰাম দাসৰ ডাঙৰ পুত্ৰ পঞ্চনন দাসে ৪৩ বছৰ পূৰ্বে ঘৰৰ পৰা উলাই গৈ নগাঁও জিলাৰ কাকীত বসবাস কৰিবলৈ লয় আৰু সেই দিন ধৰি তেওঁৰ নিজৰ পৰিয়ালৰ লোকৰ লগত কোনো যোগাযোগ নথকাৰ পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱা বুলি ভাবিলে লৈছিল। কিন্তু ৪৩ বছৰ পিছত এনআৰচি’ৰ কামত পঞ্চনন দাস নিজৰ গৃহত উপস্থিত হোৱাত কনিষ্ঠ ভাতৃ সিদ্ধেশ্বৰ দাসে সৈতে তেওঁৰ মিলন ঘটে। পঞ্চানন দাসে নগাঁৱত বসবাস কৰাৰ লগতে নিজৰ উপাধিও সলনি কৰি পঞ্চানন দাসৰ পৰা পঞ্চানন নাথ হৈ পৰিছিল। ৪৩ বছৰ পিছত জীৱনৰ শেষবেলাত ভাতৃ সিদ্ধেশ্বৰ দাস আৰু তেওঁৰ পৰিয়ালৰ সদস্য সকলক লগ পাই আনন্দিত হৈ পৰে পঞ্চানন দাস। সুদীৰ্ঘ ৪৩ বছৰ পিছত দুই ভাতৃৰ মিলনে সমগ্ৰ অঞ্চলটোৰ ৰাইজৰ মুখত হাঁহি বিৰিঙিছে।