তেজপুৰ, সংবাদ ৩৬৫, ১ আগষ্টঃ শোনিতপুৰ জিলাৰ এখন গাওঁ যত এটা পৰিয়ালৰ সংখ্যা ১৫৩ জন৷  পৰিয৷লৰ সকোলো সদস্যই মিলি হৈছে এখন গাওঁ৷ তেজপুৰ চহৰৰ পৰা কিছু নিলগত অৱস্তিত গাওঁখন৷ জনাৱ মুনচিপ আলি ১৯১৭ চনত তেজপুৰলৈ আহি দোলাবাৰীত থাকিবলৈ লয় আৰু আঠটি সন্তানৰ নাতি নাতিনী , বোৱাৰী সহ বৰ্তমান ১৫৩ জন পৰিয়ালৰ সদস্য৷ ৩০ জুলাই তাৰিখে বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী খচৰা প্ৰকাশ পোৱাত এই সকল ব্যক্তিৰ মাএ ১৫৩ জনৰহে নাম প্ৰকাশ পালে তালিকাত৷ তাক লৈ লৈ পৰিয়ালতোৰ মাজত চলিছে ব্যাপক গুনাগথা৷ উল্লেখ্য যে তেজপুৰ পৰোৱা চাৰিয়ালিৰ পৰা নাতি দুৰত অৱস্তিত উক্ত গাওঁ খনৰ সকলো জনেই ৰাষ্টীয় নাগৰিক পঞ্জিৰ খচৰাৰ বাবে আবেদন কৰিছিল আৰু আশাবাদি হৈ বাট চাই আছিল সোমবাৰৰ সেই বিশেষ দিনটোলৈ, কিন্তু খচৰাৰ তালিকাত উক্ত গাওঁ খনৰ বাকী সকল ব্যক্তিৰ নাম বিচাৰি নাপায় হতবাক হয় এই একেটি পৰিয়ালৰ গাওঁৰ লোকসকলে ৷