গুৱাহাটী, সংবাদ ৩৬৫, ১০ আগষ্টঃ ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পূৰ্ণাংগ খচৰাত নাম সন্নিবিষ্ট নোহোৱা লোক সকলে আজিৰ পৰা জানিব পাৰিব নাগৰিক পঞ্জীত তেওঁলোকৰ নাম সন্নিবিষ্ট নোহোৱাৰ কাৰণ। এন আৰ চি সেৱা কেন্দ্ৰসমূহত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰাত নাম সন্নিবিষ্ট নোহোৱাৰ কাৰণ জনোৱা হ’ব। ৰাজ্য থকা ২৫০০ এন আৰ চি সেৱা কেন্দ্ৰ সমূহত যিসকল ব্যক্তিৰ নাম এন আৰ চিৰ পূৰ্ণাংগ খচৰাত সন্নিবিষ্ট হোৱা নাই তেওঁলোকক নাম সন্নিবিষ্ট নোহোৱাৰ সকলো তথ্য জনোৱা হ’ব। আজিৰ পৰা আৰম্ভ হোৱা এই প্ৰক্ৰিয়াত পুৱা ১০ বজাত এন আৰ চি সেৱা কেন্দ্ৰ সমূহ খোলাৰ লগে লগে ভিৰ পৰিলক্ষিত হয়। যি সকল ব্যক্তিৰ নাম এন আৰ চিৰ পূৰ্ণাংগ খচৰাত প্ৰকাশ পোৱা নাই সেই সকল ব্যক্তি এন আৰ চি সেৱা কেন্দ্রত দীঘলীয়া শাৰী পাতি এন আৰ চিত নাম প্ৰকাশ নোপোৱাৰ প্ৰকৃত কাৰণ জানিবলৈ ভিৰ কৰাৰ লগতে এন আৰ চিত নাম প্ৰকাশ পোৱা ব্যক্তি সকলৰ ভিতৰত যিসকলৰ নাম ভুলকৈ প্ৰকাশ পোৱা অথবা অন্য কিবা ভুল যদি আছে সংশোধনীৰ বাবে ভিৰ কৰে। উল্লেখ্য যে যোৱা ৩০ জুলাইত ৰাষ্ট্রীয় নাগৰিক পঞ্জীৰ প্ৰকাশ পোৱা পূৰ্ণাংগ খচৰাখনত ৪০ লাক্ষাধিক লোকৰ নাম সন্নিবিষ্ট হোৱা নাছিল। এন আৰ চিত নাম অন্তৰ্ভুক্ত নোহোৱাসকলে নাম অন্তৰ্ভুক্তিৰ বাবে পুনৰ কৰিব পাৰিব আৱেদন। নাম ভুলকৈ অহা অথবা অন্য কিবা বিসংগতি থকা লোক সকলৰ বাবে থাকিব সংশোধনীৰ ব্যৱস্থা। পূৰ্বতে আগষ্টৰ পৰা এই প্ৰক্ৰিয়া ৭ আগষ্টৰ পৰা আৰম্ভ কৰা কথা আছিল যদিও ১০ আগষ্টৰ পৰাহে এই প্ৰক্ৰিয়া আৰম্ভ কৰা হয়।