তেজপুৰ, সংবাদ ৩৬৫, ৩০ জুলাই: পুত্ৰ শোকে হিয়া ভাঙিলে বৃদ্ধা মাতৃৰ। শোকে কুলা পাচি নধৰি প্ৰিয় জনৰ অবৰ্তমানত হিয়া ঢাবুৰি কান্দিলে তেজপুৰৰ গৰৈমাৰী আমলগাতৰ নিবাসী ৭০ উৰ্ধৰ এগৰাকী বৃদ্ধা নাম দময়ন্তি দাস৷ সোমবাৰে প্ৰকাশ পালে বহু প্ৰত্যাশিত এন আৰ চি ৰ চূড়ান্ত খচৰা৷ আন লোকৰ দৰে সোমবাৰে বৃদ্ধা দময়ন্তি দাসেও উপস্হিত হয় ডেকাৰগাওঁ গাওঁ পঞ্চায়ত কাৰ্যালয়ত অৱস্হিত এন আৰ চি সেৱা কেন্দ্ৰত৷ বৃদ্ধা আইতাইও শাৰী পাতি নিৰ্দিষ্ট সময়ত চালে নিজৰ লগতে পৰিয়ালৰ আন সদস্যৰ নাম৷ কিন্তু নাম চায়েই আইতাৰ চকুৰে চকুলো বৈ আহিল৷ হিয়া ঢাকুৰি কান্দিলে সেৱা কেন্দ্ৰতে৷ কিয়নো আইতা গৰাকীৰ দুমাহ পূৰ্বে মৃত্যু হোৱা পুত্ৰ (সঞ্জীৱ দাস) ৰ নামো খচৰাৰ চূড়ান্ত তালিকাত প্ৰকাশ পোৱাত মনত পৰিল পুত্ৰলৈ৷ পুত্ৰ শোকে আইতা গৰাকীক ৰখাব নোৱাৰিলে৷ সেয়ে পুত্ৰলৈ বৰকৈ মনত পৰাত আইতাই এনেদৰে হুকহুকাই কান্দি উঠিল৷