কালগাছিয়া, সংবাদ ৩৬৫, ১৩ মে’ : ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্ৰক্ৰিয়াত ধর্মীয় আৰু ভাষিক সংখ্যালঘু লোকক সন্দেহযুক্ত নাগৰিক বুলি ভুৱা আপত্তি দৰ্শাই কৰি অহা হাৰাশাস্তিৰ প্ৰতিবাদত সোমবাৰে দিনৰ ১১ বজাৰ পৰা ১ বজালৈ কলগাছিয়া ৰাজহ চক্ৰৰ কাৰ্য্যালয়ৰ সন্মুখত দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ন কৰে ৷

আমছুৰ শতাধিক সদস্যই ভুৱা আপত্তি বাতিল কৰক, আমাক ন্যায় লাগে, এন আৰ চি বিৰোধী হুচিয়াৰ, এন আৰ চিৰ নামত সংখ্যালঘুলোকৰ ওপৰত হাৰাশাস্তি কৰা নচলিব আদি শ্লোগানেৰে কলগাছিয়াৰ আকাশ-বতাহ উত্তাল কৰি তোলে ৷

ইফালে আমছুৰ এই প্ৰতিবাদক সমৰ্থন জনাই প্ৰতিবাদত অংশ লয় প্ৰাক্তন আমছুৰ কৰ্মী সকল। এন আৰ চিৰ শুনানী প্ৰক্ৰিয়াৰ নামত প্ৰকৃত ভাৰতীয়ক বিদেশী সজাই হাৰাশাস্তি কৰি থাকে তেন্তে ইয়াতকৈ অধিক ভয়াৱহ আন্দোলনৰ কাৰ্যসুচী লব বুলি ভাবুকি দিয়ে প্ৰতিবাদকাৰী সকলে।