নামৰূপ, সংবাদ ৩৬৫, ১ আগষ্টঃ অৱশেষত বহু প্ৰত্যাশিত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ খচৰা প্ৰকাশ পালে ৩০ জুলাই তাৰিখে৷ এই খচৰা সুকলমে প্ৰকাশ পোৱাত নামৰূপৰ সাৰনগৰী বৰনামঘৰত মঙ্গলবাৰে এভাগ শৰাই আগবঢ়ালে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ লগতে ভকত বৈষ্ণৱৰ উপস্থিতিত চাকি বন্তি জ্বলাই সেৱা লয় বিজেপিৰ ৰাজ্যিক সদস্য ৰঞ্জিত বৰুৱাই শৰাইভাগ আগবঢ়াই মুখ্যমন্ত্ৰীৰ হৈ ভকত বৈষ্ণৱৰ আশীৰ্বাদ গ্ৰহণ কৰে৷ নামৰূপৰ ,এই নামঘৰৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ এক এক নিবিড় সম্পৰ্ক আছে কাৰণ এই নামৰূপৰ পৰাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ছাত্ৰ সন্থাক প্ৰতিনিধিত্ত্ব কৰি বৰ্তমান অসমৰ মূখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছে যাৰ বাবে নামৰূপ ভ্ৰমণলৈ আহিলেই প্ৰায়েই নামঘৰত মূৰ দোৱাই সেৱাভাগ কৰি যায় মুখ্যমন্ত্ৰী গৰাকীয়ে৷