তেজপুৰ, সংবাদ ৩৬৫, ১৩ ছেপ্টেম্বৰ: এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই এন আৰ চিৰ দাবী আপত্তিৰ পোন্ধৰটা নথিৰ পৰা পাঁচটা নথি কৰ্তন কৰাত অসন্তুষ্টি প্ৰকাশ। এন আৰ চিৰ পাঁচটা নথি প্ৰত্যাহাৰৰ শপতনামা দাখিলৰ বিৰুদ্ধে বৃহস্পতিবাৰে তেজপুৰতো সৰব হৈ পৰিল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছু ৷ শোনিতপুৰ জিলাৰ সদৰ তেজপুৰ আদালত চাৰিআলিত বৃহস্পতিবাৰে দুই শতাধিক আমছু সদস্যই দুই ঘন্টীয়া অৱস্থান ধৰ্মঘট কৰি এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাৰ বিৰূদ্ধে তীব্ৰ বিষেদগাৰ প্ৰকাশ কৰে ৷ আমছু সদস্যসকলে প্ৰতীক হাজেলা মুৰ্দাবাদ, প্ৰতীক হাজেলাৰ মইমতালি বন্ধ কৰক, এন আৰ চিৰ পৰা পাঁচটা নথি প্ৰত্যাহাৰ কৰা নচলিব, এন আৰ চিক লৈ ৰাজনীতি নচলিব, নথি কৰ্তনৰ শপতনামা প্ৰত্যাহাৰ কৰক,আদি ধ্বনি দি তেজপুৰৰ পৰিবেশ উত্তাল কৰি তোলে। এন আৰ চিৰ অসম ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই যোৱা পাঁচ ছেপ্টেম্বৰত পোন্ধৰবিধ নথিৰ পৰা পাঁচবিধ নথি কৰ্তন কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত যি শপতনামা দিছিল শোনিতপুৰ জিলা আমছুই তাৰ তীব্ৰ বিৰোধীতা কৰিছে আৰু ভৱিষ্যতেও সংগ্ৰাম অব্যাহত ৰাখিব বুলি প্ৰকাশ কৰিছে ৷ পাছত শোনিতপুৰ জিলা উপায়ুক্তৰ জৰিয়তে এন আৰ চি কৰ্তৃপক্ষলৈ এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷