গুৱাহাটী, সংবাদ ৩৬৫, ২৮ মে’ : ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ ওপৰত খিলঞ্জীয়া মঞ্চ, অসমে এখন সংবাদমেলৰ আয়োজন কৰে । সংবাদমেলত মঞ্চই কয় যে অসমীয়া জাতিৰ জাতীয় চৰিত্ৰ, অস্তিত্ব, ভাষা আদি ৰক্ষাৰ স্বাৰ্থত এখন শুদ্ধ নাগৰিক পঞ্জী হোৱাটো খিলঞ্জীয়া মঞ্চ, অসমে বিচাৰে। কিন্তু এক অতি শক্তিশালী অসম বিৰোধী চক্ৰই অসমত যাতে শুদ্ধ এখন নাগৰিক পঞ্জী সময়ত প্ৰকাশ নাপায় তাৰ বাবে চেষ্টা চলাই আহিছে।

কিছুমান মহলে এন আৰ চি প্ৰকাশ কৰাত বাধাগ্ৰস্ত হোৱাকৈ ভৱিষ্যতৰ কথা চিন্তা নকৰি নামৰ বিৰুদ্ধে আপত্তি দাখিল কৰি শুনানীৰ সময়ত আপত্তিকাৰী উপস্থিত নাথাকি মিছা অভিযোগ উত্থাপনেৰে নাগৰিক পঞ্জী প্ৰকাশত ব্যাঘাত জন্মোৱা পৰিলক্ষিত হৈছে। দাবী বা আপত্তি কৰাৰ অধিকাৰ প্ৰত্যেকজন ব্যক্তিৰে থাকে কিন্তু ১.৯০ লাখ আপত্তি দাখিল কৰা হৈছে যাৰ সৰহ সংখ্যকৰে অসত্য তথ্যৰ ভিত্তিত উত্থাপন কৰা আপত্তিৰ গুৰুত্ব কমিছে। এখন শুদ্ধ এন আৰ চি প্ৰকাশ পাবলৈ দাবী বা আপত্তি সমূহৰ নিস্পত্তিৰ প্ৰয়োজন। এই ক্ষেত্ৰত এন আৰ চি কৰ্তৃপক্ষকক গুৰুত্ব দিবলৈ দাবী জনায় খিলঞ্জীয়া মঞ্চ অসমে।

আনহাতে, এখন শুদ্ধ এন আৰ চি প্ৰকাশত বাধাগ্ৰস্ত কৰাৰ বাবে এক অসম বিৰোধী ন্যস্ত স্বাৰ্থ শক্তিশালী মহলে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ বিৰুদ্ধেও চক্ৰান্ত কৰিছে। কিছুদিন পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ বিৰুদ্ধে নাৰীজনীত যি মিছা কেলেংকাৰীত জড়িত কৰিব বিচাৰিছিল সেইয়াও এই ষড়যন্ত্ৰৰ অংশ আছিল বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে খিলঞ্জীয়া মঞ্চ অসমে।

ইয়াৰোপৰি, ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰকাৰী দলে কৌশলগতভাৱে এন আৰ চি প্ৰক্ৰিয়াৰ পৰা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক আঁতৰাবলৈ চেষ্টা কৰিছে আৰু চক্ৰান্তকাৰীয়ে আবেদন কৰিছে যে মুখ্য মুখ্য ন্যায়াধীশে এন আৰ চি প্ৰক্ৰিয়াৰ পৰা অব্যাহতি লব লাগে। এই সমগ্ৰ ঘটনাটোক খিলঞ্জীয়া মঞ্চ ,অসমে তীব্ৰভাৱে প্ৰতিবাদ জনাই আৰু কয় অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনে-গণে এখন গ্রহণযোগ্য শুদ্ধ, প্ৰকৃত ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰা এন আৰ চি পোৱাৰ স্বাৰ্থত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ এই প্ৰক্ৰিয়াৰ সৈতে জড়িত থকাটো বিচাৰে।

আনহাতে,অসমত চলি থকা এন আৰ চি প্ৰক্ৰিয়াৰ বিৰুদ্ধত জাতি সংঘৰ মজিয়াত এক অসম বিৰোধী চক্ৰই মিছা অভিযোগ আনি অপ প্ৰচাৰ চলাইছে। ইয়াৰ বিৰোধীতা কৰি খিলঞ্জীয়া মঞ্চ অসমে ৪১ তম জাতি সংঘ মানৱাধিকাৰ পৰিষদৰ আগন্তুক জুন মাহৰ অধিবেশনত প্ৰকৃত সত্যতা বিশ্ববাসীৰ ওচৰত তুলি ধৰাৰ বাবেও কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিব বুলি সংবাদমেলত জানিবলৈ দিয়ে মঞ্চই।