গুৱাহাটী, সংবাদ ৩৬৫, ২১ মে’ : অৰুণাচল প্ৰদেশৰ টিৰাপত নগা উগ্ৰপন্থী সংগঠন এন এছ চি এনৰ গুলীয়াগুলী। টিৰাপ জিলাৰ দামালাজুৰ বিধায়ক টিৰং আবুসহ ১১জনক গুলীয়াই হত্যা কৰে এন এছ চি এনৰ সদস্যই ।

মুঠ চাৰিখন গাড়ীৰ ১১ জন লোকৰেই গুলীচালনাত চালক-দেহৰক্ষীসহ ঘটনাস্থলীতে মৃত্যু হয় । হত্যা কৰি বিধায়ক টিৰঙৰ বাহনো জ্বলাই দিয়ে এন এছ চি এনৰ সদস্যই।

মঙলবাৰে দিনৰ ১১.৩০ বজাত সংঘটিত হয় সমগ্ৰ ঘটনাটো । টিৰং আবু আছিল অৰুণাচলৰ পশ্চিম খোনছা সমষ্টিৰ বিধায়ক ।২০১৪ চনত বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । ইতিমধ্যে ঘটনাস্থলিত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।