নিউজ ডেস্ক, সংবাদ ৩৬৫, ৭ মে’ : সুস্থ হৈ অসমলৈ উভতিল এভাৰেষ্ট আৰোহনকাৰী তৰুন শইকীয়া । ২০০৮ চনত এভাৰেষ্ট আৰোহন কৰি এভাৰেষ্টৰ শিখৰত তৰুন শইকীয়াই ৰাষ্ট্ৰীয় পতাকা আৰু অসমীয়া গামোছা উৰুৱাইছিল । অক্সিজেন অবিহনে শুকুলা এভাৰেষ্টৰ শিখৰ বগাইছিল তৰুন শইকীয়াই ।

অসমক গৌৰাম্বিত কৰা এইজন তৰুন শইকীয়া হঠাৎ হৈ পৰিছিল অসুস্থ । দুয়োটা কিডনী(বৃক্ক) বিকল হৈ পৰিছিল দুঃসাহসিক ক্ৰীড়াবিদগৰাকী । জীৱনৰ ওচৰত হাৰ মানিব নোখোজা তৰুণ শইকীয়াক সেই সময়তে কাষ চাপিছিল অসমবাসীৰ লগতে শুভকাংশীসকল । আৰু দিল্লীত চিকিৎসাধীন হৈ থকা তৰুন শইকীয়াক সেই সংগই গোটাছিল সাহস । যাৰ বাবে সুস্থ হৈ নিজ গৃহলৈ উভতিল তৰুন শইকীয়া ।

শাৰীৰিকভাৱে তৰুণ শইকীয়া কিছু দুৰ্বল যদিও এতিয়া তেওঁ সুস্থ হৈ উভতিছে যাৰ বাবে আত্মীয়ৰ লগতে শুভকাংশীসকলোৰ মাজতো বৈছে সুখৰ বন্যা । অসমলৈ উভতিয়ে সকলো ৰাইজৰ আশীৰ্বাদৰ বাবে ধন্যবাদ দিয়ে তৰুন শইকীয়াই ।