কুন্দন ভৰালী

নগাঁও

১০ জানুৱাৰী

নগাঁৱত এইবাৰ এম্বুলেঞ্চৰ পৰা জব্দ হেৰ’ইন। আৰক্ষীৰ অভিযানত হেৰ’ইনসহ আটক দুজন। ব্যক্তিগত এম্বুলেঞ্চৰ চালক আৰু সহযোগীক ড্ৰাগছ সেৱন কৰি থকা অৱস্থাত ৰাইজে আটক কৰে।

নগাঁৱত এখন ব্যক্তিগত এম্বুলেঞ্চৰ পৰা নিষিদ্ধ হেৰ’ইন জব্দ হোৱাক লৈ সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। দেওবাৰে পুৱাৰ ভাগত নগাঁৱৰ হয়বৰগাঁও আৰক্ষী চকীৰ অধীনৰ ভকতগাঁৱত এখন এম্বুলেঞ্চৰ চালকৰ লগতে সহযোগীয়ে এম্বুলেঞ্চ ৰখাই ড্ৰাগছ সেৱন কৰাৰ চেষ্টা কৰাত স্থানীয় ৰাইজে দুয়োজনকে আটক কৰি আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত হয়বৰগাঁও আৰক্ষী চকীৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ ৰাজু কলিতা আৰু ৰাজ ঋতু বৰাক আটক কৰাৰ লগতে এম্বুলেঞ্চখনৰ পৰা নিষিদ্ধ হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে ড্ৰাগছ সেৱন কৰি থকা এম্বুলেঞ্চ চালক আৰু সহযোগীক আটক কৰাৰ লগতে এএছ-২১-এইচ-৯৭৫৪ নম্বৰৰ এম্বুলেঞ্চখনো জব্দ কৰে। উল্লেখ্য যে বিগত সময়ছোৱাত নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছৰ আসক্ত লোকৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পাইছে।