নিউজ ডেস্ক, সংবাদ ৩৬৫, ২১ এপ্ৰিল : শ্ৰীলংকাৰ ৰাজধানী কলম্বোসহ দেশখনৰ বিভিন্ন স্থানৰ গীৰ্জা আৰু হোটেলত ৬টাকৈ বিস্ফোৰণ । ইষ্টাৰৰ সময়তেই ৩ টা গীৰ্জা আৰু ৩ খনকৈ হোটেলত ভয়ংকৰ বোমা বিস্ফোৰণ ।

কোচিকাড়ে, কাতুৱাপিতিয়া আৰু বাতিকালোৱা গীৰ্জা আৰু ছাংগ্ৰি লা হোটেল, চিনামন গ্ৰেণ্ড হোটেল আৰু কিংছবাৰী হোটেলত হোৱা ভয়ংকৰ বিস্ফোৰণত শতাধিক লোক নিহত হোৱাৰ লগতে ৩০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হয়। বাতিকালোৱা হাস্পতালত চিকিত্সাধীন বিস্ফোৰণত আহতসকল। শ্ৰীলংকাৰ সময় অনুসৰি পুৱা ৮.৪৫ বজাত সংঘটিত হৈছে এই ঘটনা।

ইফালে টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিদেশ মন্ত্ৰী সুষমা স্বৰাজে -‘ভাৰতীয় উচ্চায়ুক্তৰ সৈতে যোগাযোগ অব্যাহত আছে, সমগ্ৰ ঘটনাৰ সূক্ষ্ম পৰ্যবেক্ষণ কৰি থকা হৈছে।’

প্ৰাপ্ত খবৰ অনুসৰি বিস্ফোৰণটো আই ডি জাতীয় এক বোমা আছিল বুলি জানিবলৈ পোৱা গৈছে। উল্লেখযোগ্য যে শ্ৰীলংকাৰ এল টি টি যুদ্ধৰ শেষ দিনটো আছিল ১৯ মে’ ২০০৯ চন আৰু ঠিক ১০ বছৰ সম্পূৰ্ণ হ’বলৈ যোৱাৰ আগমুহূৰ্তত এই বিস্ফোৰণটোৱে বহু প্রশ্নৰ উদ্বেগ কৰিছে।

উল্লেখ্য যে ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ হত্যাৰ অন্যতম অভিযুক্ত যি নিকি শ্ৰীলংকাৰ শক্তিশালী সংগঠনৰ মুৰব্বী এল টি টিৰ বিশেষ স্পাই মাষ্টাৰ ছেলভাৰাছা পদ্মনাথন সোঁহাত আৰু এল টি টি ইৰ ছেকেণ্ড-ইন-কামাণ্ড পট্টু আমান ভাৰত আৰু শ্ৰীলংকা চৰকাৰৰ নজৰত এল টি টি ইৰ ‘স্পাই মাষ্টাৰ’ বুলি চিহ্নিত আছিল ৷ সেই পট্টু আমানৰ মৃতদেহ শ্ৰীলংকাৰ যুদ্ধত উদ্ধাৰ নহ’ল বুলি শ্ৰীলংকা চৰকাৰে বিবৃত্তি যোগেৰে জানিবলৈ দিছিল।

উল্লেখ্য যে ছেলভাৰাছা পদ্মনাথন ওৰফে কুমাৰণ পদ্মনাথন ওৰফে কে পি ৷ কে পি আন্তঃৰাষ্ট্ৰীয় যোগাযোগ, অস্ত্ৰ আৰু ধন সংগ্ৰহৰ দায়িত্বত আছিল ৷

ইফালে ২০০৯ চনৰ শেষৰফালে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মাহেন্দ্ৰা ৰাজা বাকছে মালয়েছিয়াৰ পৰা এল টি টিৰ স্পাই মাষ্টাৰ কে পি ওৰফে প্ৰভাকৰণক আটক কৰি আনিছিল যদিও কোনো গোচৰত দোষী সাব্যস্ত কৰিব নোৱাৰি আদালতে এৰি দিছিল আৰু চৰকাৰেও ৰেহাই দিছিল।

প্ৰশ্ন হয় ২০০৯ চনৰ সেই যুদ্ধ য’ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহেন্দ্ৰ ৰাজা পাকছে আজিও শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি আৰু এই মাহেন্দ্ৰা ৰাজা পাকছেৰ বিৰুদ্ধে শক্তিশালী ৰূপত এল টি টিয়ে পুনৰ আত্মপ্ৰকাশৰ প্ৰস্তুতি চলাইছে নেকি? ২০০৯ চনত উক্ত যুদ্ধ শেষ হোৱা ঘোষণা কৰাৰ পাছত পুনৰ ২০১৯ চনত যুদ্ধৰ দশম বৰ্ষপূতিৰ আগে আগে এনেধৰণৰ বিস্ফোৰণে এল টি টিৰ পুনৰ আত্মপ্ৰকাশ বহন কৰিছে নেকি?