গুৱাহাটী, সংবাদ ৩৬৫, ১০ ফেব্ৰুৱাৰী : নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান কৃষক নেতা অখিল গগৈৰ। খেলপথাৰৰ আন্দোলন ৰাজপথলৈ আনি চৰকাৰক বাধ্য কৰিব লাগিল নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ। জয় আই অসম ধ্বনিৰে আদালতৰ চৌহদ উত্তাল কৰি প্ৰতিবাদ বিভাজন নকৰিবলৈও আহ্বান অখিল গগৈৰ।

সোমবাৰে নিয়াৰ আদালতত হাজিৰ কৰোৱা হয় মাওবাদীৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ক্ৰমে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ আৰু বিতু সোণোৱালক। আদালতৰ চৌহদৰ পৰা কৃষক নেতা অখিল গগৈয়ে নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন ঐক্যবদ্ধ ভাবে গঢ়ি তুলিবলৈ ৰাইজক আহ্বান জনাই কয় আন্দোলন যাতে বিভাজন নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলন খেলপথাৰৰ পৰা ৰাজপথলৈ আনিব লাগিব। নিয়াৰ আদালতৰ পৰা ওলাই অহাৰ সময়ত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা চাৰিও গৰাকী নেতাই নিয়াৰ আদালত চৌহদ জয় আই অসম ধ্বনিৰে উত্তাল কৰি চৰকাৰক নাগৰিকত্ব সংশোধনী আইন বাতিল কৰিবলৈ বাধ্য কৰিব লাগিব বুলি মন্তব্য প্ৰকাশ কৰে।

নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰা কৃষক নেতা অখিল গগৈক মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। সোমবাৰে নিয়াৰ আদালতে কৃষক নেতা অখিল গগৈক পুনৰ ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে। অহা ২৫ ফেব্ৰুৱাৰী তাৰিখৰ অখিল গগৈক পুনৰ নিয়াৰ আদালতত হাজিৰ কৰা হ’ব।