কলাইগাঁও

৩০ আগষ্ট

ওদালগুৰি জিলাৰ কলাইগাঁৱৰ দেউলগুৰিত ইউ পি পি এল’ৰ নিৰ্বাচনী সভা। সভাত উপস্থিত থাকে ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বীনা গয়াৰী।

ওদালগুৰি জিলাৰ পশ্চিম কলাইগাঁৱৰ অন্তগৰ্ত দেউলগুৰিত দেওবাৰে ইউ পি পি এল দলৰ এখন নিৰ্বাচনী সভা অনুস্থিত হয়। উক্ত নিৰ্বাচনী সভাত উপস্থিত থাকি ইউ পি পি এল দলৰ কেন্দ্ৰীয় মহিলা গোটৰ সভানেত্ৰী বীনা গয়াৰীয়ে কয় বি টি চিত এইবাৰ ইউ পি পি এল’ৰ চৰকাৰ গঠন হ’লে মহিলা সকলৰ ওপৰত বিশেষ ভাৱে গুৰুত্ব প্ৰদান কৰা হ’ব। বীনা গয়াৰীয়ে কয় যে এখন ঘৰৰ উন্নতি কৰিব লাগিলে প্ৰথমতে মহিলা গৰাকীয়ে নিজকে উন্নত কৰাব লাগিব, সচেতন হ’ব লাগিব তেতিয়াহে ঘৰখনৰ উন্নতি হ’ব আৰু ঘৰখনৰ উন্নতি হ’লেহে সমাজৰ উন্নতি হ’ব। সেয়েহে মুদৈবড়ি পৰিষদীয় সমষ্টিতো ইউ পি পি এল দলৰ প্ৰাৰ্থী এন্টনী বসুমতাৰীক বিপুল ভোটত জয়ী কৰোৱাৰ বাবে আহ্বান জনাই বীনা গয়াৰীয়ে।

সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বীনা গয়াৰীয়ে কয় ইউ পি পি এল দলে পৰিষদীয় নিৰ্বাচনত ৩৫ খন আসন পাবলৈ সক্ষম হব।