গুৱাহাটী

৯ ছেপ্টেম্বৰ

কংগ্ৰেছত যোগদান কৰিলে ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ। অসম সেনাৰ প্ৰাক্তন মুখ্য আহ্বায়ক, ২০১১ চনত ৰঙাপাৰা বিধানসভাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী, আছুৰ প্ৰাক্তন উপ-সভাপতি তথা সাংস্কৃতিক সম্পাদক নিৰঞ্জন নাথ আৰু শিল্পী, কলা-কুশলীসহ পাঁচ শতাধিক লোকৰ আগমন ঘটিল কংগ্ৰেছ দলত।

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনলৈ এতিয়াও মাজত কেইটামান মাহ আছে যদিও প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনকলৈ কঁকালত টঙালি বান্ধিছে। শসকীয় বিজেপি দলৰ সমান্তৰালে কংগ্ৰেছ দলেও নামি পৰিছে শক্তি প্ৰদর্শনত। নিৰ্বাচনৰ পূৰ্বে শসকীয় দল হিচাপে যদি বিজেপি দললৈ আগমন ঘটিছে শ শ লোকৰ, এই ক্ষেত্ৰত কিন্তু পিছ পৰি ৰোৱা নাই প্ৰধান বিৰোধী দল কংগ্ৰেছ। কংগ্ৰেছ দলটো যোগদান কৰিয়ে আছে বহুতে। মুঠতে নিৰ্বাচনৰ পূৰ্বৰ ৰাজনৈতিক দল সমূহত চলিছে যোগদান পৰ্ব। গুৱাহাটীৰ দিশপুৰস্থিত মানবেন্দ্ৰ শৰ্মা কমপ্লেক্সত বুধবাৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ এক যোগদান অনুষ্ঠানত কংগ্ৰেছ দলত যোগদান কৰিলে ডুমডুমা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক দিলীপ মৰাণ। দিলীপ মৰাণৰ পিছে পিছে কংগ্ৰেছত যোগদান কৰিবলৈ আগুৱাই আছে অসম সেনাৰ প্ৰাক্তন মুখ্য আহ্বায়ক, ২০১১ চনত ৰঙাপাৰা বিধানসভাৰ সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী, আছুৰ প্ৰাক্তন উপ-সভাপতি তথা সাংস্কৃতিক সম্পাদক নিৰঞ্জন নাথৰ লগতে কেইবাগৰাকী শিল্পী, কলা-কুশলীসহ পাঁচ শতাধিক লোক। ভাৰতীয় জাতীয় কংগ্ৰেছৰ যোগদান অনুষ্ঠানত কংগ্ৰেছ হাত ধৰা ব্যক্তি সকলৰ ভিতৰত আছে অসম ৰাজ্যিক কৃষি সমগ্রী বিপনন পৰিষদৰ বাণিজ্য পৰিদৰ্শক দাদুল বৰকাকতি। দাদুল বৰকাকতিয়ে স্বেচ্ছামূলক অৱসৰ লৈ কংগ্ৰেছ দলত যোগদান কৰে। অসম ৰাজ্যিক পৰিবহন নিগমৰ ৱাৰ্কাৰ্ছ এছ’চিয়েচনৰ প্ৰাক্তন সাধাৰণ সম্পাদক খুৰচিদ আলম, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা সোমা দাসগুপ্তাৰ লগতে কেইবাগৰাকী ব্যক্তিৰ লগতে বহু শিল্পী, কলা-কুশলী কংগ্ৰেছ দলত যোগদান কৰে।

যোগদান অনুষ্ঠানত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাৰ লগতে উপস্থিত থাকে সাংসদ গৌৰৱ গগৈ, প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন আৰু কংগ্ৰেছ দলৰ অন্যান্য নেতা কর্মী। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ৰিপুন বৰাই শসকীয় বিজেপি দলক তীব্ৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছ দলৰ আদর্শৰ প্ৰতি আকৰ্ষিত হৈ দলত যোগদান কৰা ব্যক্তি সকলক ধন্যবাদ জ্ঞাপন কৰে।