গুৱাহাটী

২৯ আগষ্ট

আগন্তক ২০২১ চনৰ বিধানসভা নিৰ্বাচনক লৈ কংগ্ৰেছ আৰু এ আই ইউ ডি এফ’ৰ মিত্ৰতা সম্বন্ধে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিক ক্ষমতাৰ পৰা উৎখাত কৰিবলৈ একমাত্ৰ এ আই ইউ ডি এফ’য়ে নহয় সমূহ বিজেপি বিৰোধী তথা “কা” বিৰোধী দল-সংগঠনে একত্ৰিত হৈ নিৰ্বাচনত অৱতীৰ্ণ হ’ব লাগিব বুলি মন্তব্য প্ৰকাশ কৰিছে বিৰোধী দলপতি গৰাকীয়ে।

বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে আমাৰ দলৰ ক’ৰ কমিটীৰ বৈঠকখনত এ আই ইউ ডি এফ’ৰ লগত মিত্ৰতাৰ কথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুন বৰাই অৱগত কৰাইছিল কিন্তু আমি সকলোৱে ইয়াৰ সন্দৰ্ভত জনাইছিলোঁ যে, একমাত্ৰ এ আই ইউ ডি এফ’ৰ লগত মিত্ৰতা কৰিলে নহ’ব! বিজেপিৰ ভুৱা প্ৰতিশ্ৰুতি, অপ শাসনৰ বিৰুদ্ধে যিসকল দল-সংগঠনে বিগত সময়চোৱাত মাত মাতি আছে এই সকলো পক্ষকে একত্ৰিত কৰি এক মহাজোঁট বন্ধন কৰাৰহে পোষকতা কৰিছিলোঁ। কংগ্ৰেছ দলটোক একেবাৰে নিশকতীয়া বুলি ভৱাটো ভূল। ১৩০ বছৰীয়া এটা ৰাষ্ট্ৰীয় দল হিচাপে তথা অসমত যোৱা ১৫ বছৰ কাল চৰকাৰত থকা হিচাপে কংগ্ৰেছ দলৰ নিজস্ব এক ইতিহাস তথা শক্তি আছে।

বৰ্তমানৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজক যোৱা চাৰে চাৰি বছৰত নানান ক্ষেত্ৰত ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য কৰিছে। সেয়া ‘কা’ ৰ বাবে হওক, ই এই এ ২০২০ য়ে হওক, পেট্ৰ’ল-ডিজেল তথা ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে হওক বা লাগতীয়াল খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে হওক আদি বিভিন্ন বিষয়ৰ ওপৰত বিৰোধিতা কৰিবলৈ সাধাৰণ ৰাইজৰ পৰা দল-সংগঠনে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিব লগীয়া হৈছে। সেয়েহে এই সকলোবোৰ বিৰোধী পক্ষক একত্ৰিত কৰি ঐক্যভাৱে বিজেপি দলৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াই তেওঁলোকক ক্ষমতাচ্যুত কৰিবলৈ সক্ষম হ’ম। সেয়েহে মিত্ৰতাৰ সন্দৰ্ভত আমি খুব সাৱধানেৰে আগবাঢ়িব লাগিব বুলিও মন্তব্য প্ৰকাশ কৰে বিৰোধী দলপতি গৰাকীয়ে।

দেৱব্ৰত শইকীয়াই লগতে কয় যে উজনি অসমত যোৱাবাৰ বিজেপি দলে ভাল ফল দেখুওৱাৰ আৰত আছিল চাহ-জনগোষ্ঠীয় লোক সকলক কৰা কেতবোৰ প্ৰতিশ্ৰুতি। তাৰ ভিতৰত আছিল চাহ শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫১টকা কৰা, ৬ জনগোষ্ঠীক চৰকাৰ গঠন হোৱাৰ পিছতে জনজাতিকৰণ কৰা, ১৬ মে’ ৰ পিছত বাংলাদেশীয়ে তালি-টোপোলা বান্ধিব লাগিব ইত্যাদি মিছা প্ৰতিশ্ৰুতিৰে পতিয়ন নিয়াইছিল। যাৰ বাবে ৰাইজেও ভাবিছিল যে, কংগ্ৰেছ দলে এইখিনি কাম নকৰিলে, কিন্তু আজি সকলোৱে বুজি উঠিছে যে, এই সকলোবোৰ মাত্ৰ “নিৰ্বাচনী জুমলা” আছিল। তেওঁলোকে দেখুওৱা মিছা সপোনবোৰৰ পৰিৱৰ্তে অসমীয়া জাতিৰ বিৰুদ্ধে গৈহে তেওঁলোকৰ দলৰ আকাংক্ষা পুৰণ কৰাত লাগিছে তাৰ এক উদাহৰণ হ’ল ‘কা’ আৰু যাৰ বাবে আজি বহু কেইটা দল-সংগঠনে ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈ আছে। আমাৰ দলৰ প্ৰাথমিকতা হ’ব লাগে, এই সকলো বিজেপি বিৰোধী দল সংগঠনক একগোট কৰা আৰু ঐক্যবদ্ধ ভাৱে যুজঁ দি বিজেপিক ক্ষমতাচ্যুত কৰা।