বটদ্ৰৱাৰ পৰা নজৰুল ইছলাম, সংবাদ ৩৬৫, ১৮ নৱেম্বৰ: ৩০নং কটহগুৰি গাওঁপঞ্চায়তৰ এ আই ইউ ডি এফ দলৰ প্ৰাৰ্থী হুৰেনা খাতুন আৰু টুকটুকী জিলাপৰিষদৰ প্ৰাৰ্থী গুলাম ৰাব্বানীয়ে এ আই ইউ ডি এফ দলৰ পৰা প্ৰথম পৰ্যায়ৰ মনোনয়ন পত্ৰ দাখিল কৰে। আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ লগে লগে দলৰ কৰ্মী আৰু সমৰ্থক সকলৰ মাজত ব্যাপক উৎসাহ উদ্বীপনা দেখা গৈছে ৷ লগতে কৰ্মী আৰু সমৰ্থক সকলে প্ৰাৰ্থীৰ ঘৰত ভিৰ দিয়াও পৰিলক্ষিত হৈছে ৷ ৩০নং কটহগুৰি গাওঁপঞ্চায়তৰ সভানেত্ৰী পদৰ প্ৰাৰ্থীয়ে জানিবলৈ দিয়া মতে পঞ্চায়টোত এ আই ইউ ডি এফৰ যথেষ্ট সমৰ্থক আছে । গতিকে তেওঁ বিপুল ভোটত জয়লাভ কৰাৰ সম্ভৱনাই বেছি ৷ লগতে টুকটুকী জিলাপৰিষদৰ এ আই ইউ ডি এফৰ প্ৰাৰ্থী গুলাম ৰাব্বানীয়ে কয় যে,বিগত ১০বছৰ কংগ্ৰেছৰ অধীনত থকা জিলাপৰিষদৰ সমষ্টিটোত কংগ্ৰেছে কৰা দুৰ্নীতিৰ ফলত ৰাইজে এতিয়া এ আই ইউ ডি এফৰ ফালে ধাল খাইছে । গতিকে ৩৬০০০ৰো অধিক ভোট থকা সমষ্টিটোত তেওঁ বিপুল ভোটত এ আই ইউ ডি এফৰ প্ৰাৰ্থী হিচাপে জয় লাভ কৰিবলৈ সক্ষম হ’ব ।