সোনাপুৰ, সংবাদ ৩৬৫, ১৪ ফেব্ৰুৱাৰীঃ মহানগৰীৰ সমীপৱৰ্তী সোনাপুৰত সংঘটিত হৈছে এক আজৱ ঘটনা। পুখুৰীৰ পাৰত মাছ চাবলৈ নহয় মৃত দেহ চাবলৈ ভিৰ কৰিছে কেইবাশ লোক কাৰণ পুখুৰীৰ পাৰত কবৰ খান্দি উলিওৱা হৈছে এগৰাকী যুৱতীৰ মৃতদেহ। সোনাপুৰৰ কছুতলীত সোনাপুৰ আৰক্ষীয়ে কবৰ খান্দি উলিয়াইছে এগৰাকী যুৱতীৰ মৃতদেহ। বুধবাৰে পুৱাৰে পৰা অঞ্চলটোৰ শিশুৰ পৰা বৃদ্ধ সকলোৱে পুখুৰীৰ পাৰত ভিৰ কৰিছে মৃতদেহ চাবলৈ জানিব পৰা মতে গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত চিকিৎসাধীন অৱস্থাত যোৱা ৮ ফেব্ৰুৱাৰীত এগৰাকী যুৱতীৰ মৃত্যু হোৱাত পৰিয়ালৰ লোকে নিজৰ বাসগৃহৰ কাষত থকা পুখুৰীৰ পাৰত যুৱতী গৰাকীৰ জানাজা সম্পন্ন কৰি কবৰস্থ কৰে। কিন্ত সাত দিনৰ পিছত স্থানীয় একাংশ লোকৰ অভিযোগৰ বৃত্তিত আৰক্ষীয়ে যুৱতী গৰাকীৰ মৃতদেহ কবৰৰ পৰা খান্দি উলিয়াই মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰন কৰে৷ স্থানীয় একাংশ লোকৰ অভিযোগ যে যুৱতী গৰাকীক হত্যা কৰা হৈছে কিয়নো যুৱতী গৰাকী বিবাহৰ অবিহনে ৭ মাহৰ অন্তঃসত্বা আছিল। প্ৰায় এমাহৰ পূৰ্বে ঘটনাটো পোহৰলৈ অহাত যুৱতী গৰাকীৰ প্ৰেমিক কাজীমুদ্দিন আলীয়ে যুৱতী গৰাকীক পলোৱাই নি বিয়া পাতি ঘৰলৈ লৈ গৈছিল আৰু কেইদিনমান পিছতে অসুস্থ হৈ চিকিৎসাধীন অৱস্থাত যুৱতী গৰাকীৰ মৃত্যু হয়। এতিয়া প্ৰশ্ন হয় যুৱতী গৰাকীক হত্যা কৰা হৈছিল নে স্বাভাৱিক মৃত্যু হৈছিল, এই প্ৰশ্নৰ উত্তৰ পোৱা যাব মৰণোত্তৰ পৰীক্ষাৰ পিছত।