বাইহাটা চাৰিআলিৰ পৰা নীলমণি দাস, সংবাদ ৩৬৫, ২৫ জানুৱাৰী: দেশৰ ৭০ সংখ্যক স্বাধীনতা দিৱসলৈ মাাজত মাত্ৰ কেইটা মান ঘন্টা বাকী। ৰাজ্যৰ চৌদিশে চলিছে আৰক্ষীৰ নিশ্চিদ্ৰ তালাচী । পিছ পৰি ৰোৱা নাই বাইহাটা চাৰিআলি তথা কমলপুৰ আৰক্ষীয়ো। নিশাৰ ভাগলৈকে চলাইছে তালাচী অভিযান । সাৰি যাব পৰা নাই কোনো ধৰনৰ সৰু বৰ যান বাহন । ৩১ নং ৰাষ্ট্ৰীয় ঘাই পথৰ বাইহাটা, কমলপুৰকে ধৰি স্পৰ্শকাতৰ বিভিন্ন স্থানত চলাইছে নিছিদ্ৰ তালাছী অভিযান । সামন্তৰালভাৱে বাইহাটা চাৰিআলি আৰক্ষীয়েও ১৫নং ৰাষ্ট্ৰীয় ঘাইপথকে ধৰি অন্তৰ্গত বিভিন্ন এলেকাত তালাচী চলোৱা পৰিলক্ষিত হৈছে ।