গুৱাহাটী, সংবাদ ৩৬৫, ২৭ মে’ : অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে নিলম্বিত কৰা বীজ কোম্পানীক অসম চৰকাৰৰ কৃষি বিভাগৰ বীজ নিগমত পুনৰ আঢ়ৈশ কোটি টকাৰ ঠিকা দিয়াক লৈ আৰ টি আইৰ কৰ্মী প্ৰদীপ কলিতাই এখন সংবাদমেলৰ আয়োজন কৰে ।
সংবাদমেলত প্ৰদীপ কলিতাই কয় যে ৰাজ্যত কৃষকক সহায়ৰ বাবে কৃষি বিভাগ এটা আছে বুলি ভবাৰ স্থল নাইকিয়া হৈ পৰিছে। চূণ কেলেংকাৰী, বীজ কেলেংকাৰী, ট্ৰেক্টৰ কেলেংকাৰীৰ পৰা ধৰি বিভিন্ন আঁচনিত নিতৌ নতুন নতুন দুৰ্নীতি হব ধৰিছে। যাৰ ফলত ৰাজ্যখনৰ কৃষকসকল আঁচনিসমূহৰ পৰা বঞ্চিত হোৱাৰ লগতে বিজ্ঞান সন্মত বীজ পোৱাৰ পৰা বঞ্চিত হৈছে।
উল্লেখযোগ্য যে শেহতীয়াভাৱে অসমৰ কৃষকক ভেজাল বীজ যোগান দিবলৈ ৰাজ্যৰ কেইটামান বীজ কোম্পানী এম এছ নুজিৰচিডা চিডছ লিমিটেড, কাবেৰী চিডছ লিমিটেড নামৰ কোম্পানী দুটাই ভেজাল দুই নম্বৰী বীজ যোগান ধৰাৰ বাবে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ে ২৮-০২-২০১৯ তাৰিখে দুয়োটা কোম্পানীৰ কেন্দ্ৰীয় অনুজ্ঞা পত্ৰ সৰ্বভাৰতীয় ভাৱে নিলম্বিত কৰে। এই সমগ্ৰ কথা সংবাদমেলত ব্যক্ত কৰে প্ৰদীপ কলিতাই।
আৰ টি আইৰ কৰ্মী প্ৰদীপ কলিতাই কয় যে বহুকোটি টকাৰ কমিছনৰ বিনিময়ত কৃষি বিভাগৰ সঞ্চালক, পৰিচালন সঞ্চালক, আয়ুক্ত সচিবে বহিঃ ৰাজ্যৰ নিলম্বিত কোম্পানীক নিবিদা দিয়াৰ সুযোগ দিয়ে। কৃষি মন্ত্ৰী অতুল বৰাই কৃষি বিভাগটোত একাংশ আই এ এছ, এ চি এছ বিষয়া নিযুক্তি দি এফালৰ পৰা কৃষি বিভাগটো ধ্বংস কৰাৰ লগতে কৃষকসকলক পেটে ভাতে মাৰিছে। সেয়েহে আৰ টি আইৰ কৰ্মীজনে উক্ত বিষয়টোৰ সন্দৰ্ভত সম্প্ৰতি গুৱাহাটী উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে।