কলগাছিয়া, সংবাদ ৩৬৫, ৩ এপ্ৰিল : কলগাছিয়াত পুনৰ চুৰি কাণ্ড। বুধবাৰে বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত অসম গ্ৰামীণ বিকাশ বেংক আৰু বৰপেটা অসামৰিক চিকিৎসালয়ৰ পৰা চোৰে মোবাইল চুৰি কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

যোৱা কেইদিনমান আগত কলগাছিয়া আৰু খৰিচালা বজাৰত মোবাইলৰ দোকানত চুৰি হোৱাৰ পাছত আজি পুনৰ চোৰে চুৰি কৰিব আহি ৰাইজৰ হাতত ধৰা পৰে। পাছৰ ৰাইজে উত্তম মাধ্যম দি চোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে।

জানিব পৰা অনুসৰি চোৰটো বঙাইগাঁও জিলাৰ টুক্কাৰচৰ গাওঁৰ আব্দুল মজিদৰ পুত্ৰ মোস্তফা আহমেদ । উক্ত যুৱকজনে কলগাছিয়াত আগতেও বহুবাৰ চুৰি কৰিছে লগতে বৰপেটাৰোড, হাউলি আৰু বিভিন্ন ঠাইত চুৰি কৰিছে বুলি আৰু ১০ বছৰ বয়সৰ পৰাই চুৰি কাৰ্য্যত জড়িত বুলি সাংবাদিকৰ আগত স্বীকাৰোক্তি দিয়ে যুৱকজনে।