কালগাছিয়া, সংবাদ ৩৬৫, ১৮ মাৰ্চ : বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত এখন মোবাইলৰ দোকানৰ পৰা দেওবাৰৰ নিশা চোৰে দুই লক্ষাধিক টকাৰ মোবাইল ফোন লুটি নিয়া ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নিশা দোকানৰ দৰজা ভাঙি চোৰে লুটি নিয়ে মোবাইল ফোন।

১৮ মাৰ্চৰ পুৱা দোকানৰ সত্বাধিকাৰ মেছেৰ আলীয়ে দোকান খোলাৰ পিছতে সমগ্ৰ ঘটনা পোহৰ লৈ আহে। চুৰিৰ ঘটনা সংক্ৰান্তত ইতিমধ্যে কলগাছিয়া আৰক্ষী থানাত অৱগত কৰা হৈছে।

কলগাছিয়াত এখন পৰিপূৰ্ণ আৰক্ষী থানা থকা অৱস্থাত নৈশ পহৰাৰ ব্যবস্থা থকা সত্বেও বজাৰৰ মাজমজিয়াত হোৱা চুৰি ঘটনাত অন্যান্য দোকানী সকল শংকিত হৈ পৰিছে। প্ৰত্যক্ষ দৰ্শিয়ে জানিবলৈ দিয়া মতে ৰাতি কলগাছিয়া চাৰিআলি হৈ যাতায়ত কৰা শিল-বালি, কাঠৰ গাড়ী, চালান নোহোৱা গাড়ী আদিৰ পৰা ক’লা ধন সংগ্ৰহ কৰাৰ কাৰণেহে নিশা কলগাছিয়াৰ আৰক্ষী ব্যস্ত থাকে।

আনহাতে থানাৰ গাতে লাগি থকা কলগাছিয়া বজাৰত থানাৰ তৰফৰ পৰা কোনো পহৰাৰ ব্যৱস্থা নাই বুলি স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে অভিযোগ উত্থাপন কৰিছে। কলগাছিয়া আৰু ইয়াৰ এলেকাধীন অঞ্চলত সঘনাই চুৰিকাণ্ড সংঘটিত হৈ আছে যদিও কোনো পেট্ৰলিঙৰ ব্যৱস্থা নাই। আছে গৰু নেবায় হাল হোৱাতকৈ নোহোয়াই ভাল কৈ একাংশ ৰাইজে কলগাছিয়াৰ দৰে থানাৰ কোনো দৰকাৰ নাই বুলি মত পোষণ কৰিছে। ৰাইজে কলগাছিয়া থানা থাকিলেও ভাৰপ্ৰাপ্ত বিষয়াক অতিশীঘ্ৰেই নিলম্বন কৰাৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগৰ ওচৰত দাবী জনাইছে।